যোৰহাট, 1 ডিচেম্বৰ :মাথো দুদিন পূৰ্বে দুখৰ সাগৰত বুৰ গৈ থকা যোৰহাটবাসীৰ মাজত বুধবাৰে দেখা গৈছে আনন্দ-উল্লাস ৷ অকল যোৰহাটবাসীয়ে নহয়, অসমবাসীয়েও সন্তুষ্টি লাভ কৰিছে মাত্ৰ এটা খবৰ শুনি ৷ সেয়া হৈছে বুধবাৰে পুৱতি নিশা এক দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাই(Prime accused of Mob lynching in jorhat killed) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, আৰক্ষীৰ জিন্মাত থকা অৱস্থাতে এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে(Main Culprit of Mob lynching dead) ক’লা ল’ৰা ওৰফে নীৰজ দাসে ৷ বুধবাৰে পুৱতি নিশা মাৰাথন জেৰাৰ অন্তত আৰক্ষীক ক’লা ল’ৰাই নিছিল চহৰখনত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ ৷ কিন্তু আদবাটতে সংঘটিত হৈছিল এক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক’লা ল’ৰাই পৰৱৰ্তী সময়ত মৃত্যুবৰণ কৰে ৷