যোৰহাট, 11 জুলাই : এটি উৰুখা পঁজা । কোনোমতে টিনপাতকেইখন লগাই মাটিৰে লিপা ঘৰতটোত বাচি ৰৈছেগৈ মাত্ৰ দুটা কোঠালী । এই উৰুখা পঁজাতেই থাকে এটা দুৰ্ভগীয়া পৰিয়াল ৷ এগৰাকী ৰুগীয়া মহিলাসহ তেওঁৰ স্বামী আৰু একমাত্ৰ পুত্ৰ সন্তানটি থাকে এই উৱলি যোৱা ঘৰটোত । এই ঘৰটোৰ এটা সৰু কোঠালীতে গঁৰাল সদৃশ বেৰাৰ মাজত তলা বন্ধ কৰি ৰখা হৈছে এগৰাকী 50 উৰ্ধৰ মহিলাক । ৰচীৰে বান্ধি থোৱা হৈছে হাত-ভৰি ।
প্ৰায় এবছৰমানৰ আগলৈকে সম্পূৰ্ণ সুস্থ অৱস্থাত আছিল যোৰহাট জিলাৰ মেৰাপানীৰ এইগৰাকী মহিলা । কিন্তু তাৰ পাচত অচিন ৰোগত আক্ৰান্ত হৈ মহিলাগৰাকীয়ে হেৰুৱাই পেলায় মানসিক ভাৰসাম্য । খেতি মাটি নোহোৱা অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুৰুষজনে আনৰ ঘৰত কৰে দিন হাজিৰা । লগতে একমাত্ৰ পুত্ৰসন্তানটিও অষ্টম শ্ৰেণীত অধ্যয়নৰত ।
দিন হাজিৰা নকৰিলে পাকঘৰত চৌকা নজ্বলা মানুহজনে পুত্ৰক স্কুললৈ পঠিয়াই কোঠাৰ ভিতৰত অথবা ঘৰৰ বাৰান্দাতে অসুস্থ পত্নীগৰাকীক বান্ধি থৈ যাবলৈ বাধ্য হয় । সম্প্ৰতি দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ একমাত্ৰ মহিলাগৰাকীক উপযুক্ত চিকিৎসাৰ বাবে নাই সাঁচতীয়া টকা-পইছা । যাৰ বাবে সম্পূৰ্ণ অসুস্থ অৱস্থাতেই পেটৰ ক্ষুধা নিবাৰণৰ বাবে প্ৰতিদিনেই দিন হাজিৰা কৰিবলৈ বুলি ওলাই যাবলগীয়া হয় পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী তথা অসুস্থ মহিলাগৰাকীৰ স্বামীয় ।