যোৰহাট, 14 ডিচেম্বৰ : যোৰহাটৰ পথাৰত কৃষকৰ ৰূপত এইবাৰ ৰাইজৰ দলৰ কৰ্মী ৷ কমলাবৰীয়া গাঁৱত আলু খেতি কৰাত ব্যস্ত হৈ পৰিছে দলটোৰ কৰ্মী সকলে ৷ কৃষি পথাৰৰ পৰাই কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ নেতা কৰ্মী সকলে ৷ জিৰ' টিলেজ পদ্ধতিৰে ৰাইজৰ দলৰ কৰ্মীয়ে কি দৰে আলু খেতি কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ উদাহৰণ দাঙি ধৰাৰ লগতে কৃষি কৰ্মৰ বাবে আগ্ৰহী হ'বলৈ সকলোকে আহ্বান জনাইছে ৷
যোৰহাটৰ পথাৰত কৃষকৰ ৰূপত ৰাইজৰ দলৰ কৰ্মী
যোৰহাটৰ কমলাবৰীয়া গাঁৱত আলু খেতি কৰাত ব্যস্ত ৰাইজৰ দলৰ কৰ্মী ৷ খেতি পথাৰৰ পৰাই স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা কৰ্মী সকলে পথাৰতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি আৰম্ভ কৰিছে কা বিৰোধী আন্দোলন ৷
যোৰহাটৰ পথাৰত কৃষকৰ ৰূপত ৰাইজৰ দলৰ কৰ্মী
ৰাজনীতিৰ পথাৰৰ পৰা নহয় এইবাৰ খেতি পথাৰৰ পৰাই স্বাৱলম্বীতাৰ নিদৰ্শন দেখুওৱাৰ লগতে কৰ্মী সকলে পথাৰতে আৰম্ভ কৰিছে কা বিৰোধী আন্দোলন ৷ কা আমি নামানো, কা বাতিল হ'বই লাগিব আদি শ্ল'গান দি খেতি পথাৰত নামিছে ৰাইজৰ দলৰ নেতা কৰ্মী সকলে ৷
লগতে পঢ়ক:ভীমৰ গাঁৱৰ কৃষক ৰাইজে আয়োজন কৰিছে নৰা কটা ভোজ তথা ন-খোৱা পৰ্ব