অসম

assam

ETV Bharat / state

টীয়কত ছহীদ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ

টীয়কত কা আন্দোলনৰ শ্বহীদৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ।

টীয়কত ছহীদ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ
টীয়কত ছহীদ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Oct 4, 2020, 4:46 PM IST

টীয়ক,4 অক্টোবৰ: কা আন্দোলনত মৃত্যুবৰণ কৰা যোৰহাট জিলাৰ বনাই ৰবি গাঁৱৰ ৰাজেন বৰুৱাৰ বাসগৃহত উপস্থিত হয় মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিধায়ক গৰাকীয়ে বৰুৱাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হৈ পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পালন কৰি দেওবাৰে কা আন্দোলনৰ শ্বহীদ ৰাজেন বৰৱাৰ পত্নীক নগদ পঞ্চাশ হাজাৰ টকা আগবঢ়ায় ।

তাৰোপৰি বিধায়ক কুৰ্মীয়ে বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে আঠু কাঢ়ি ৰাজেন বৰুৱাৰ পত্নীৰ হাতত উক্ত ধন আগবঢ়ায় ।

উল্লেখযোগ্য যে, দেওবাৰ প্ৰদান কৰা মুঠ টকাৰ পঁচিশ হাজাৰ অসম প্ৰদেশ কংগ্ৰেছে, বিশ হাজাৰ বিধায়ক কুৰ্মীয়ে, যোৰহাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পুলিন বৰুৱাই তিনি হাজাৰ আৰু সমাজ কৰ্মী ৰাতুল গগৈয়ে দুই হাজাৰ টকা আগবঢ়ায় ।

ইফালে বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে পুলিন বৰুৱা, টুলটুল হাজৰিকা, ৰাতুল গগৈকে প্ৰমুখ্য কৰি কেইবাজনো স্থানীয় ব্যক্তি উপস্থিত থাকে।প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে বিধায়কগৰাকীক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে বৰুৱাৰ পৰিয়ালে।

For All Latest Updates

ABOUT THE AUTHOR

...view details