অসম

assam

ETV Bharat / state

কোৰ-বেলচা লৈ ব্যতিক্ৰমী ৰূপত বিধায়ক

মৰিয়নীৰ নকচাৰী দেবেৰাপাৰ চাৰিআলিৰ টিয়ক-বলমা সংযোগী পথটো মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লয় ৷ অঞ্চলটোৰ বহুকেইটা দল-সংগঠনে পথটোৰ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জনাইছিল আবেদন ৷ কিন্তু এই আবেদনে কোনো ফল নধৰাত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজে পথটো মেৰামতি কৰে ৷

MLA busy in work at mariyani jorhat assam etv bharat news
hথ পৰিস্কাৰত ব্যস্ত ৰূপজ্যোতি কুৰ্মী

By

Published : Sep 15, 2020, 7:58 PM IST

মৰিয়নী,15 ছেপ্তেম্বৰ:এইবাৰ ব্যতিক্ৰমী ৰূপত এগৰাকী বিধায়ক ৷ ন ন কাৰুকাৰ্যৰে খবৰৰ চৰ্চাত থকা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ দেখা গ’ল ৰাজপথত ৷ বিধায়ক কুৰ্মীয়ে হাফ পেন্ট পিন্ধি হাতত বেলচা লৈ মঙলবাৰৰ দিনটোত নলা পৰিস্কাৰ কৰাত ব্যস্ত থকা দেখা যায় ৷ মৰিয়নীৰ নকচাৰী দেবেৰাপাৰ চাৰিআলিৰ টিয়ক-বলমা সংযোগী পথটো মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লয় ৷ অঞ্চলটোৰ বহুকেইটা দল-সংগঠনে পথটোৰ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনোৱাৰ লগতে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷

ব্যতিক্ৰমী ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী

বিধায়ক কুৰ্মীয়েও এই পথটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত মহকুমাধিপতিকে ধৰি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল বহুবাৰ ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই এইক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে ৷ ফলত বাৰিষাৰ সময়ছোৱাত এজাক বৰষুণতে পথটো পানীৰে পৰিপূৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰে ৷ সেয়ে বিধায়কগৰাকীয়ে নিজে আহি কেইগৰাকীমান সহযোগীৰ সৈতে পথটোৰে সংলগ্ন নলাসমূহ মোকোলাই পথটো পৰিস্কাৰ কৰাৰ লগতে ছেণ্ড গ্ৰেভেল দিয়ে ৷ বিধায়কগৰাকীৰ এনে কাৰ্যত স্থানীয় লোকে যথেষ্ঠ প্ৰশংসা কৰে ৷

লগতে চাওকঃলখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মানত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details