মৰিয়নী, 30 জুনঃ মৰিয়নীত পুনৰ কৰ'ণাত আক্ৰান্ত হ'ম কোৱাৰেন্টাইনত থকা তিনিজন লোক ৷ মৰিয়নী 2 নম্বৰ ৱাৰ্ডৰ সন্তোষী মন্দিৰ আৰু গান্ধী নগৰ নিবাসী ৰিনা ভূমিক, কমল বৰুৱা আৰু টিংকু বৰুৱাৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি । ইয়াৰে 2 নম্বৰ ৱাৰ্ডৰ সন্তোষী মন্দিৰ নিবাসী কমল বৰুৱা আৰু তেওঁৰ পুত্ৰ টিংকু বৰুৱা কিছুদিন পূৰ্বে দিল্লীৰ পৰা অহা বাবে তেওঁলোকক হ'ম কোৱাৰেন্টাইন কৰা হৈছিল ।
আতংকিত মৰিয়নীবাসীঃ পুনৰ কৰ'ণাত আক্ৰান্ত তিনিজন
তিনিওজনৰ স্বাৱৰ পৰীক্ষণৰ ফলাফল পজিটিভ পোৱাত মঙলবাৰে তেওঁলোকক যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে অঞ্চলটোত তিনিওজনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাত শংকিত হৈ পৰিছে মৰিয়নীবাসী ৷
মৰিয়নী
লগতে পঢ়কঃ স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন ৰঙিয়াৰ এগৰাকী কণ্ঠশিল্পী
ইফালে ৰিনা ভূমিক নমাৰ মহিলাগৰাকী ২৮ জুনত গুৱাহাটীৰ পৰা আহি হ'ম কোৱাৰেন্টাইনত আছিল। ইতিমধ্যে স্বাস্থ্যবিভাগে তিনিওজনৰ নমুনা সংগ্ৰহ কৰি স্বাৱ পৰীক্ষণ কৰে ৷ তিনিওজনৰ স্বাৱৰ পৰীক্ষণৰ ফলাফল পজিটিভ পোৱাত মঙলবাৰে তেওঁলোকক যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে অঞ্চলটোত তিনিওজনকৌ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাত শংকিত হৈ পৰিছে মৰিয়নীবাসী ৷