যোৰহাট, 6 জানুৱাৰী :দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীক অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । দিল্লী আৰক্ষীৰ এটা অভিযানকাৰী দলে বৃহস্পতিবাৰে যোৰহাট আৰক্ষীৰ সহযোগত বুল্লী বাই নামৰ এপটোৰ মূল ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰে (main culprit of bulli bai app arrested) ।
ধৃত বুল্লী বাই নামৰ এপৰ মূল ষড়যন্ত্ৰকাৰীজন নীৰজ বিষ্ণৈ বুলি আৰক্ষীয়ে জনাইছে । বুল্লী বাই এপৰ মূল ষড়যন্ত্ৰকাৰী নীৰজ বিষ্ণৈক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিল্লীলৈ নিয়ে ।