অসম

assam

ETV Bharat / state

হাবি-জংঘলৰ মাজত এটা কোটি টকীয়া প্ৰকল্প ! কিন্তু ক'ত ?

কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হোৱা কাম শেষ নহ'ল আজিপৰ্যন্তও ৷

হাবি-জংঘলেৰে আৱৰি ধৰিছে যোৰহাট পৌৰসভাৰ কোটি টকীয়া প্ৰকল্প

By

Published : Jun 7, 2019, 4:18 PM IST

Updated : Jun 7, 2019, 6:31 PM IST

যোৰহাট, 7 জুন : হাবি-জংঘলৰ লগতে মাছ ধৰা পুখুৰীত পৰিণত হৈছে যোৰহাট পৌৰসভাৰ দুটাকৈ কোটি টকীয়া প্ৰকল্প ৷ বিজেপিৰ নেতৃত্বত গঠন হোৱা যোৰহাট পৌৰসভাৰ চৰম নিস্ক্ৰিয়তাৰ বাবেই ২৮ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্প দুটা অনাদৃতৰূপে পৰি ৰৈছে ৷ ২০০৭ চনতে কংগ্ৰেছ নেতৃত্বাধীন যোৰহাট পৌৰসভাই চহৰখনৰ শতবৰ্ষ গৰকা চ'ক বজাৰখন প্ৰায় ১৭ কোটি টকাৰে পুনৰ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল ৷ কিন্তু বজাৰখনৰ একাংশ ব্যৱসায়ীয়ে দোকানসমূহ খালী কৰি দিবলৈ অমান্তি হোৱাত পৌৰসভাই এই পুঁজিৰেই স্থান সলনি কৰি পূজাডুবিত আন এখন নতুন আৰ চি চি বজাৰ স্থাপনৰ কাম হাতত লয় । এই সমূদায় ধন যৌথভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মঞ্জুৰ কৰিছিল । কিন্তু কংগ্ৰেছী পৌৰসভাখনে প্ৰথম কিস্তিত মুকলি কৰা ১.৫৩ কোটি টকাৰে পূজাডুবিৰ বৃহৎ বজাৰখনৰ কাম আৰম্ভ হওতেই কংগ্ৰেছ চৰকাৰৰ কাৰ্যকাল অন্ত পৰাত বন্ধ হৈ পৰে পূজাডুবিৰ বজাৰখনৰ নিৰ্মাণ । তাৰ পাচতে আজি পৰ্যন্তও কাম আগনাবাঢ়িল প্ৰকল্পটোৰ ।
ইপিনে বহু মহলীয়া পাৰ্কিং প্ৰকল্পৰ কামও প্ৰায় ১১.৪০ কোটি টকাৰে কংগ্ৰেছী পৌৰসভাৰ দিনতেই আৰম্ভ কৰিছিল । কিন্তু কংগ্ৰেছৰ পৰা আঁজুৰি লোৱা পৌৰসভাখন এতিয়া বিজেপিৰ একাংশ ক্ষমতাৰ খকত মত্ত পৌৰ কৰ্তৃপক্ষৰ বাবেই এতিয়াও এনেদৰে অনাদৃত আৰু অবহেলিত হৈ পৰিছে ।

Last Updated : Jun 7, 2019, 6:31 PM IST

ABOUT THE AUTHOR

...view details