যোৰহাট, 2 মেঃ বৰহোলা নাঙল গাঁৱত বৃহস্পতিবাৰে মহকুমা আৰক্ষী বিষয়াৰ লগতে বৰহোলা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ দেশী তথা বিদেশী সুৰা ৷ এই অভিযানৰ নেতৃত্ব দিছিল মহকুমা আৰক্ষী বিষয়াই। এই অভিযানত দুজন সুৰা ব্যৱসায়ীক আটক কৰে বৰহোলা আৰক্ষীয়ে। জব্দ কৰা সুৰাৰ সমূহৰ অনুমানিক মূল্য হ’ব প্ৰায় দহ হাজাৰ টকা ৷
বৰহোলা আৰক্ষী অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা
বৰহোলা আৰক্ষী অভিযানত জব্দ বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা ৷ অভিযানত জব্দ 85 টা বটল বিদেশী সুৰা ৷ আটক দুজন সুৰা ব্যৱসায়ী ৷
বৰহোলা আৰক্ষী অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা
উল্লেখ্য যে, চলিত বৰ্ষতেই যোৰহাটৰ বৰহোলাত চুলাই কাণ্ডত মৃত্যু হৈছিল প্ৰায় 62 জনক লোকৰ। জিলাখনত সুৰা নিষিদ্ধ কৰাৰ বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে যদিও কিছুমান অসাধু ব্যৱসায়ীয়ে এতিয়াও অব্যাহত ৰাখিছে চোৰাং কৈ মদৰ ৰমৰমীয়া ব্যবসায় ৷ কিন্তু বৃহস্পতিবাৰে বৰহোলা জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ খবৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া অভিযান চলাই 85 টা বিদেশী সুৰাৰ বটল জব্দ কৰাৰ লগতে দুজন সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷
Last Updated : May 3, 2019, 1:17 AM IST