যোৰহাট, 1 জুলাই:আগষ্ট মাহত মুকলি কৰা হ'ব যোৰহাট ন-আলি সংযোগী উৰণীয়া সেঁতু ৷ যোৰহাটৰ মহাত্মা গান্ধী পথত তথা বিদ্যুৎ ভৱনৰ পৰা বঙাল পুখুৰী সংযোগী যোৰহাট ন-আলি উৰণীয়া সেঁতু যাতায়তৰ বাবে মুকলি কৰি দিয়া হ'ব চলিত বৰ্ষৰ আগষ্ট মাহত ৷ প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হোৱা উৰণীয়া সেঁতুখন পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ৷
আনহাতে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে, যোৰহাট ন-আলি উৰণীয়া সেঁতু ৰাইজ বাবে মুকলি কৰি দিয়াৰ পাছতেই চিনামৰা উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হ'ব ৷ ইতিমধ্যে প্ৰস্তাৱিত এই উৰণীয়া সেঁতুখনৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ উল্লেখযোগ্য যে, যে 854.68 কিলোমিটাৰ দৈৰ্ঘৰ যোৰহাটৰ ন-আলি সংযোগী এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণ বাবে 67.76 কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছিল ৷
লগতে পঢ়ক : Assam Gunotsav: গুণোৎসৱত বেয়া ফল দেখুওৱা বিদ্যালয়ৰ বিৰুদ্ধে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা; শিক্ষামন্ত্ৰী