অসম

assam

ETV Bharat / state

যোৰহাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মাস্ক বিতৰণ

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়াস যোৰহাট জিলা প্ৰশাসনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ। যোৰহাট চহৰৰ বিভিন্ন স্থানত বিনামূলীয়া মাস্ক বিতৰণ।

-mask-awarness-by-admiestration
যোৰহাটত মাস্ক বিতৰণ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ

By

Published : Oct 22, 2020, 9:35 PM IST

যোৰহাট, ২২ অক্টোবৰ: মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়ত চৰকাৰে মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে। ইয়াৰ পিছতো মানুহৰ মাজত সচেতনতাৰ অভাৱ পৰিলক্ষিত হৈছে। সেয়ে, ৰাইজক সজাগ কৰাৰ বাবে বৃহস্পতিবাৰে যোৰহাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে।

যোৰহাটত মাস্ক বিতৰণ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ

এই মাস্ক বিতৰণ কাৰ্যসূচী ৮ দিন ধৰি চলিব। দুৰ্গা পূজাৰ পূৰ্বৰ উৎসাহ আৰু আনন্দ এইবাৰ নাই যদিও বজাৰত ভিৰ পৰিলক্ষিত হৈছে। এনে সময়তে চহৰখনত বিভিন্ন ঠাইত জনতাৰ মাজত সজাগতা বৃদ্ধি বাবে বিনামূলীয়াকৈ মাক্স বিতৰণ কাৰ্যসূচী হাতত লয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে।

বিনামূলীয়া মাস্ক বিতৰণৰ পিছতো যদিহে মাক্স পৰিধান নকৰে তেন্তে পৰৱৰ্তী সময়ত জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।

লগতে পঢ়ক: ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details