যোৰহাট,2 মে'ঃযোৰহাট প্ৰশাসন সাজু আগন্তুক তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ বাবে ৷ ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশাৱলীৰ শিথিল হোৱাৰ বিপৰীতে কিন্তু আন আন ক্ষেত্ৰ সমূহত কঠোৰ হ'ব যোৰহাট জিলা প্ৰশাসন। লক্ ডাউনৰ সময়ছোৱাত যোৰহাটবাসীক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান যোৰহাট জিলা উপায়ুক্ত গৰাকীৰ । বৰ্তমান যোৰহাট জিলাখন গ্ৰীণ জ'নত আছে যদিও যিকোনো মূৰ্হত্ততে পট পৰিৱৰ্তন হ'ব পাৰে বুলি উল্লেখ কৰিলে উপায়ুক্ত গৰাকীয়ে ।
তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ বাবে সাজু যোৰহাট প্ৰশাসন
4মে'ৰ পৰা হ'ব লগা তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন ৷ লগতে লক্ ডাউনৰ সময়ছোৱাত যোৰহাটবাসীক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান যোৰহাট জিলা উপায়ুক্তৰ ৷
যোৰহাট প্ৰশাসন সাজু তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ বাবে
বহিঃৰাজ্যত আৱদ্ধ হৈ থকা ব্যক্তি সকল ৰাজ্যলৈ উভটি অহাৰ পাছত যোৰহাটতো COVID-19 সংক্ৰমণ হোৱাৰ আশংকা কৰিছে জিলা প্ৰশাসনে । লক্ ডাউনৰ সময়ছোৱাত যোৰহাটবাসীক সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আহ্বান জনাইছে যোৰহাট জিলা উপায়ুক্ত ৰশ্নি অপৰাঞ্জী কৰাটিয়ে । যোৰহাটৰ সকলো ৰাইজক লক্ ডাউন মানি চলিবলৈ অনুৰোধ জিলা উপায়ুক্ত গৰাকীৰ।