তিতাবৰ, 3 চেপ্টেম্বৰ:বিশেষ সূত্ৰৰ খবৰ অনুসৰি তিতাবৰত আৰু জালুকনিবাৰী আৰক্ষীৰ এটা দলে অভিযান চলাই শুকুৰবাৰে পুৱতি নিশা চাৰিটাকৈ বেটাৰী চুৰক আটক কৰে । বৃহস্পতিবাৰে নিশা তিতাবৰ আৰু জালুকনিবাৰী আৰক্ষীয়ে চলোৱা এই যুটীয়া অভিযানত ক্ৰমে অজয় ৰায় , ৰন্টু গগৈ, আদিত্য বাছফৰ আৰু মণ্টু কুমাৰ নামৰ চুৰ চাৰিটাক গ্ৰেপ্তাৰ কৰে ।
তিতাবৰত আটক চাৰিটাকৈ গভাইত চোৰ
তিতাবৰত আৰক্ষীৰ অভিযান । তিতাবৰ আৰু জালুকনিবাৰী আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই ক্ৰমে অজয় ৰায়, ৰন্টু গগৈ, আদিত্য বাছফৰ আৰু মণ্টু কুমাৰ নামৰ চাৰিটা চুৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
তিতাবৰত আটক চাৰিটাকৈ গভাইত চোৰ
তিতাবৰৰ বিভিন্ন অঞ্চলৰ মোবাইল টাৱাৰৰ পৰা বেটাৰী চুৰ কৰি তিতাবৰ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল এই চুৰ কেইটা । আটকাধীন চুৰ চাৰিটাৰ পৰা তিতাবৰ আৰক্ষীয়ে মোবাইলৰ টাৱাৰত ব্যৱহাৰ কৰা বহুকেইটা বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । চোৰৰ দলটোয়ে অঞ্চলটোত বিভিন্ন অসমাজিক কামতো জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।
লগতে পঢ়ক:গোলাঘাট জিলা প্ৰশাসনেৰে পৰ্যালোচনা সভা মন্ত্ৰী কেশৱ মহন্তৰ