অসম

assam

ETV Bharat / state

যোৰহাটত কৃত্ৰিম বানপানীৰ কৱলত নগৰবাসী

পৌৰসভাৰ অৰাজাকতাৰ ফলত ৰাইজে জ্বলা-কলা খোৱাৰ অভিযোগ ৷

যোৰহাটত কৃত্ৰিম বানপানীৰ কৱলত নগৰবাসী

By

Published : May 2, 2019, 12:26 PM IST


যোৰহাট , 02 মে':যোৰহাটত কৃত্ৰিম বানপানীৰ ফলত নগৰবাসীয়ে জীয়াতু ভূগীবলগীয়া হৈছে ৷ বিগত পাঁচ দিন ধৰি হোৱা বৰষুণৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানপানীৰ কৱলত পৰিছে ৷ খৰালি সময়ত নিষ্কাষন নকৰাৰ ফলত বাৰিষাৰ সময়ত স্থানীয় ৰাইজে জ্বলা-কলা খোৱাৰ অভিযোগ ৷

যোৰহাটত কৃত্ৰিম বানপানীৰ কৱলত নগৰবাসী

চহৰৰ খনৰ ধমনী স্বৰূপ টোকোলাই জান ৷ যোৰহাট পৌৰসভাৰ অকৰ্মণ্যতাৰ ফলত টোকোলাই এতিয়া মৃতপ্ৰায় অৱস্থাত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ পৌৰসভাই লাখ লাখ টকা শৰাধ কৰি নিষ্কাষনৰ নামত নামমাত্ৰ কাম কৰাৰ ফলত টোকোলাই এতিয়া পিটনিত পৰিণত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ চহৰৰ সোঁ-মাজৰে প্ৰবাহিত টোকোলাই জান খন চহৰৰ একাংশ পুজিপতি ব্যৱসায়ীৰ বে-দখলৰ পৰিণতিত ক্ৰমান্বয়ে ক্ষীণ হৈ পৰিছে বুলি জনায় ৰাইজে ৷ যাৰ ফলত টোকোলাই জানৰ পানীৰ বহন ক্ষমতা কমি গৈছে৷ সেয়ে এতিয়া বিগত পাঁচ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ পূজাদুবী, লিছুবাৰি , তৰাজানৰ কাকতি গাঁও আদিকে ধৰি বহু অঞ্চল এতিয়া দুষিত কৃত্ৰিম বানৰ কৱলত ৷

ABOUT THE AUTHOR

...view details