অসম

assam

Jatiya Vidyalaya Samaroh: জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

By

Published : May 7, 2023, 1:51 PM IST

জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ৰ লগত সংগতি ৰাখি যোৰহাটত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ ২০০০খন জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত (Jatiya Vidyalaya Samaroh 2023) ৷

Jatiya Vidyalaya Samaroh 2023 in Jorhat
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩

যোৰহাট, ৭ মে’: পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ- ২০২৩ ৷ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ উদ্যোগত, যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ আতিথ্যত আৰু গোলাঘাট, শিৱসাগৰ, মাজুলীৰ লগতে সমূহ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ -২০২৩ (Jatiya Vidyalaya Samaroh 2023) ৷

৫ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি অন্তিম দিন ৷ আজিৰ অন্তিম দিনটোত দুহেজাৰখন জাতীয় বিদ্যালয়ৰ অংশগ্ৰহেণেৰে উজ্বলিল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাত বাক্সা ,বৰপেটা ,বিশ্বনাথ ,বঙাইগাঁও , চৰাইদেও ,চিৰাং, দৰং, ধেমাজি , ধুবুৰী , গোৱালপাৰা , ডিব্ৰুগড় , গোলাঘাট , তিনিচুকীয়াকে ধৰি আন জিলাকেইখনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে (Jatiya Vidyalaya Samaroh 2023 at Jorhat) ৷

শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠী, কৃষ্টি-সংস্কৃতি তথা অসমৰ জন-জীৱনৰ সকলো সম্ভাৰ, উপাদান আৰু পৰম্পৰাগত প্ৰণালী আজি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত উপস্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ এই বাৰেৰহণীয়া শোভাযাত্ৰা জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ স্থলী তথা স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ বাকৰি যোৰহাটৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাত্ৰা কৰে ৷ এই শোভাযাত্ৰাত ২০০০খন জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে (Jatiya Vidyalaya Samaroh 2023 in Jorhat) ৷

অসমৰ বিভিন্ন জাতীয় বিদ্যালয়ত অধ্যয়ন কৰি দেশে-বিদেশে প্ৰতিষ্ঠা লাভ কৰা বহুটো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা আৰু তেওঁলোকৰ বৌদ্ধিক-মানসিক ভেঁটি গঠনত জাতীয় বিদ্যালয়সমূহৰ ভূমিকাৰ কথা সোঁৱৰণ কৰে ৷ উল্লেখযোগ্য যে, গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে যোৰহাটত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ (Cultural Rally Organized in Jorhat)। জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ক লৈ এতিয়া উখল-মাখল পৰিৱেশ পৰিলক্ষিত হৈছে যোৰহাটৰ স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত ৷

লগতে পঢ়ক:Assam Jatiya Vidyalaya: চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বৰ্ণিল সাংস্কৃতিক প্ৰদৰ্শনৰে উজ্বলিল জাতীয় বিদ্যালয়ৰ ৰাজ্যিক সমাৰোহ

ABOUT THE AUTHOR

...view details