অসম

assam

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:27 PM IST

ETV Bharat / state

যোৰহাটত কিমান আগবাঢ়িছে উন্নয়নমূলক কাম ? খতিয়ান ল’লে মুখ্যমন্ত্ৰীয়ে

CM Himanta in Jorhat: দেওবাৰে যোৰহাটত বিশেষ পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ জিলাখনত অব্যাহত থকা বিভিন্ন আঁচনি, উন্নয়নমূলক কামৰ খতিয়ান লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

himanta biswa sarma jorhat
যোৰহাটত হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 12 ডিচেম্বৰ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি যোৰহাটত জিলা প্ৰশাসনৰ সৈতে এখন বিশেষ সভা সম্বোধন কৰা লগতে এক বিশেষ আলোচনাত মিলিত হয় ৷ সভাত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়ণমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই যোৰহাট জিলাত বিগত সময়ত অনুষ্ঠিত কেবিনেট বৈঠকত জিলাখনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত বুজ লয় ৷ তদুপৰি যোৰহাটত অনুষ্ঠিত হৈ যোৱা বিভিন্ন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি মতে চলি থকা কামসমূহৰ অগ্ৰগতিৰ বুজ লয় আৰু ইয়াৰ ক্ষীপ্ৰতাৰে সফল ৰূপায়নৰ বাবে নিৰ্দেশ প্ৰদান কৰে ।

তাপৰ্যপূৰ্ণ যে, যোৰহাটত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠক আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতিসমূহৰ অগ্ৰগতিৰ বুজ লয় ৷ তাৰ ভিতৰত যোৰহাট নগৰবাসীৰ সুবিধাৰ অৰ্থে নগৰ পানী যোগান প্ৰকল্পৰ কাম কেতিয়া আৰম্ভ হ'ব আৰু বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ কাৰ্যকৰীকৰণ কিদৰে আৰম্ভ হৈছে আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ পৰা উত্তৰ আৰু কামৰ খতিয়ান লয় ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান আৰু অগ্ৰগতিৰ বুজ লৈছে ৷ উক্ত কামসমূহ খৰতকীয়া কৰিবৰ বাবে বিভাগীয় মন্ত্ৰী আৰু বিভাগসমূহক নিৰ্দেশ দিয়া হৈছে বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ।

যোৰহাটৰ আৱৰ্ত ভৱনত জিলাখনৰ উন্নয়ণমূলক কামৰ পৰ্যালোচনা সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী পীযুষ হাজৰীকাই অংশগ্ৰহণ কৰে । উক্ত সভাত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীক সাক্ষাতৰ পৰা বঞ্চিত যুৱকৰ আৱৰ্ত ভৱনত তাণ্ডৱ

ABOUT THE AUTHOR

...view details