অসম

assam

ETV Bharat / state

ড৹ অকণ চন্দ্ৰ শইকীয়ালৈ সাহিত্য বঁটা, চৰকাৰক ধন্যবাদ বিশিষ্ট সাহিত্যিকগৰাকীৰ - সাহিত্যিক ড৹ অকণ চন্দ্ৰ শইকীয়া

বিশিষ্ট সংস্কৃত পণ্ডিত, শিক্ষাবিদ ড৹ অকণ চন্দ্ৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে ‘অসম সাহিত্য বঁটা ২০২৩’ ৷ বঁটা লাভ কৰি অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ বঁটা লাভৰ পাচতে ড৹ শইকীয়াক বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰে ৷

Literary Award and Pension 2023
ড৹ অকন চন্দ্ৰ শইকীয়ালৈ সাহিত্য বঁটা

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 6:00 PM IST

Updated : Dec 7, 2023, 7:22 PM IST

ড৹ অকণ চন্দ্ৰ শইকীয়ালৈ সাহিত্য বঁটা

টীয়ক, 7 ডিচেম্বৰ : ৰাজ্যৰ সহিত্য ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা মুঠ 23 গৰাকী বৰেণ্য সাহিত্যিকলৈ বৃহস্পতিবাৰে ‘অসম সাহিত্যিক বঁটা ২০২৩’ আৰু সাহিত্যিক পেন্সন আগবঢ়োৱা হয় ৷ বুধবাৰে আনুষ্ঠানিকভাৱে বঁটা আৰু পেন্সন প্ৰাপকসকলৰ নাম ঘোষণা কৰাৰ পাচত বৃহস্পতিবাৰে কথাশিল্পী, সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ ৯২ সংখ্যৰ জন্মদিনৰ শুভক্ষণত গুৱাহাটীস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা আৰু পেন্সন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্যৰ অনান্য প্ৰান্তৰ বিশিষ্ট সাহিত্যিকৰ লগতে টীয়কৰ বিশিষ্ট সংস্কৃত পণ্ডিত তথা শিক্ষাবিদ, কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ অকণ চন্দ্ৰ শইকীয়ালৈও আগবঢ়োৱা হৈছে ‘অসম সাহিত্যি বঁটা ২০২৩’ ৷ উল্লেখ্য যে, ‘মহাকাব্যীয় সাহিত্য’, ‘লোক সাহিত্য’, ‘বৈদিক সাহিত্য’, ‘শংকৰী সাহিত্য’ তথা ‘শিশু সাহিত্য’ ৰ ওপৰত বিশেষভাৱে চৰ্চা কৰি বহু গ্ৰন্থ ৰচনা কৰিছে ড৹ শইকীয়াই ৷ ‘শংকৰী ভক্তিবাদৰ দাৰ্শনিক তত্ব’, ভাওনা- প্ৰদৰ্শন প্ৰতিযোগিতা মূল্যায়ন’, ‘ৰুক্মিণী হৰণ আখ্যান’ আদি কেবাখনো গ্ৰন্থ ৰচনা কৰি ইতিমধ্যে সৰ্বজনবিদিত হৈছে সংস্কৃত পণ্ডিতগৰাকী ৷

তদুপৰি প্ৰকাশৰ পথত আছে ‘অসমীয়া মহাভাৰতীয় সাহিত্য সম্ভাৰ’ নামৰ গ্ৰন্থখন ৷ আনহাতে ‘অমৃত সঁফুৰা’, ‘ল'ৰালিৰ সোণালী সাধু’, ‘সাধু কথাৰ মৌ’, ‘পৌৰাণিক বাল্য গাথা’ আদি শিশু সাহিত্য ৰচনা কৰিছে ড৹ অকণ চন্দ্ৰ শইকীয়াই ৷

অসম চৰকাৰে সাহিত্যিকসকলৰ কষ্ট তথা ত্যাগৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিছে, তাক লৈ অধিক উৎসাহিত আৰু উৎফুল্লিত হৈ পৰাৰ লগতে দায়িত্বও বাঢ়িছে বুলি অনুভৱ কৰি ৰাজ্য চৰকাৰক ধন্যবাদ জনায় বিশিষ্ট সাহিত্যিক ড৹ অকণ চন্দ্ৰ শইকীয়াই ৷ আনহাতে টীয়ক প্ৰেছ ক্লাবৰ ‘টীয়ক গৌৰৱ বঁটা’ প্ৰাপক ড৹ শইকীয়ালৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা এই সন্মানৰ বাবে সমূহ টীয়কবাসী আনন্দিত হৈ পৰিছে আৰু খবৰ বিয়পাৰ লগেলগে অসংখ্য গুণমুগ্ধই ড৹ শইকীয়াৰ টীয়কৰ মিধাঘাটস্থিত বাসভৱনত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।

বিশেষকৈ টীয়ক ই-মিডিয়া ফ'ৰামৰ লগতে অন্যান্য দল-সংগঠন, ব্যক্তি বিশেষে শ্ৰদ্ধাৰ সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনাই আগলৈও এইদৰে টীয়কবাসীক সাহিত্যৰ ক্ষেত্ৰখনত আগুৱাই নিব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :২৩ গৰাকী সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান‌ মুখ্যমন্ত্ৰীৰ

Last Updated : Dec 7, 2023, 7:22 PM IST

ABOUT THE AUTHOR

...view details