হোজাই, 18 অক্টোবৰ :2005 চনৰ 17 অক্টোবৰত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা ।এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি 41 গৰাকীকৈ নিৰীহ লোকে ।
উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষতো উক্ত পাশৱিক গণহত্যাত প্ৰাণ হেৰুওৱা লোক সকলক স্মৰণ কৰি ৰাষ্ট্রীয় শোঁক দিৱস পালন কমিটীৰ উদ্যোগত দেওবাৰে আয়োজন কৰা শোঁক দিৱস কাৰ্যসূচীৰ জৰিয়তে মৌণ প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে ।
ইফালে, স্মৃতিস্থলীত প্ৰাণ হেৰুওৱা লোকৰ সোঁৱৰণিত ইতিমধ্যে নিৰ্মাণ কৰি তোলা এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰো শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে । ইয়াৰ পিচতে অনুষ্ঠিত হোৱা ৰাজহুৱা শোকসভা আৰু এই সভাৰ জৰিয়তে ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙে স্মৃতিস্থলীত এখন ৰাজহুৱা উদ্যানৰ লগতে প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ স্মৃতিত তেওঁলোকৰ আৱক্ষমূৰ্তি নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰে ।