অসম

assam

ETV Bharat / state

হোজাইত মহিলাৰ এজাহাৰৰ লৈ উত্তপ্ত পৰিস্থিতি

হোজাইত মহিলাৰ এজাহাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়,ঘটনাক কেন্দ্ৰ কৰি কাকী আৰক্ষী অঞ্চলটোৰ মহিলাসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়

হোজাইত মহিলাৰ এজাহাৰৰ লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Apr 23, 2019, 4:24 PM IST

হোজাই,২৩ এপ্ৰিল : সোমবাৰে নিশা হোজাই জিলাৰ কাকী আৰক্ষী থানাত এগৰাকী মহিলাৰ এজাহাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নাজলী বেগম নামৰ এগৰাকী বিবাহিত মহিলাক একেখন গাঁওৰে আইনুল হক নামৰ লোক এজনে দীৰ্ঘদিনধৰি মানসিক আৰু ভয় -ভাবুকি দেখুৱাই আহিছিল বুলি মহিলাগৰাকীয়ে কাকী আৰক্ষী থানাত অভিযোগ উত্থাপন কৰে । ইপিনে, আইনুল হকৰ লগতে গাঁওবাসীৰ একাংশ মহিলাই এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মনেসজা বুলি দাবী কৰি নিশা কাকী আৰক্ষী থানাত অভিযোগকাৰী নাজলি বেগম নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আহে । কিন্তু কাকী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন শইকীয়াই এজাহাৰ গ্ৰহণ নকৰি মহিলাসকলক অপদস্থ কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । থানাত নিয়োজিত কৰ্তব্যৰত আৰক্ষীৰ জোৱানে মহিলাসকলক শাৰিৰীকভাৱেও অপদস্থ কৰে বুলি অভিযোগ উত্থাপন কৰে মহিলাসকলে ।

হোজাইত মহিলাৰ এজাহাৰৰ লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details