অসম

assam

ETV Bharat / state

পথ নহয় যেন খাল ! মেৰামতিত নামিল ৰাইজ

হোজাই জিলাৰ কাকীত পথ মেৰামতিত নামিল ৰাইজ ৷ চৰকাৰে নকৰা কাম কৰিলে ছয় যুৱকে ৷

By

Published : Jun 20, 2019, 2:30 PM IST

পথ নহয় যেন খাল ! মেৰামতিত নামিল ৰাইজ

হোজাই, 20 জুনঃ হোজাই জিলাৰ কাকীত পথৰ বিধ্বস্ত ৰূপ ৷ পথ নহয় যেন এটা এটা বৃহৎ খাল হে ৷ দীৰ্ঘদিনে জীয়াতু ভুগিছে কাকী অঞ্চলবাসী ৷ কিন্তু পৰিৱৰ্তনৰ দোহাই দি ৰাজ্যখনৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ সুভাগ নপৰিল এই অঞ্চলৰ পথছোৱাত ৷ ফলত খালৰূপী পথৰ অৱস্থা থাকি ৰ’ল তেনেকৈয়ে ৷ যাৰ বাবে চৰকাৰে নকৰা কাম কৰিবলৈ আগবাঢ়ি আহিল কাকীৰ ছয়জন যুৱক ৷

পথ নহয় যেন খাল ! মেৰামতিত নামিল ৰাইজ

উল্লেখ্য যে, হোজাই জিলাৰ লামডিং সমষ্টিৰ দুই নং কাকীৰ পৰা লংকালৈ যাতায়ত কৰাৰ মুঠ আঠ কিলোমিটাৰ পথৰ ভিতৰত দুই কিলোমিটাৰ পথৰ অৱস্থা হৈছে অতিকৈ শোচনীয় ৷ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক অৱগত কৰি অতিষ্ট হৈ পৰিছে ৰাইজ ৷ ফলত কাকী চাৰিআলিৰ ছয়জন যুৱক নিজেই নামি পৰিল পথ মেৰামতিত ৷ নিজৰ উপাৰ্জিত ধন খৰচ কৰি এই ছয় যুৱকে জেচিবি ভাৰা কৰি নামি পৰিল পথ মেৰামতিত ৷ পথটোৰ বৃহৎ আকাৰৰ গাঁত সমূহত বল্ডাৰ দি পথটো যাতায়ৰ বাবে সুগম কৰি তুলিছে ৷
এতিয়া ৰাইজৰ প্ৰশ্ন এনেদৰে যদি নিজৰ ধনেৰে পথ মেৰামতি কৰিব লগা হয়, তেন্তে ৰাইজে কিয় উন্নয়নৰ নামত ভোট দিব লাগে, কিয় দিব লাগে কৰ ৷

ABOUT THE AUTHOR

...view details