অসম

assam

ETV Bharat / state

শিল বালিৰ অবৈধ বেহা হোজাই জিলাত

হোজাই জিলাৰ লংকাত শিল-বালি ভৰ্ত্তি তিনিখন ডাম্পাৰ জব্দ

By

Published : Jun 21, 2019, 2:12 PM IST

শিল বালিৰ অবৈধ বেহা হোজাই জিলাত

হোজাই,২১জুনঃ হোজাই জিলাত অবৈধ শিল-বালিৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে হোজাইৰ লংকাত শিল-বালি ভৰ্ত্তি তিনিখন ডাম্পাৰ জব্দ ৷ লংকা আঞ্চলিক বন বিভাগৰ লোকে শুকুৰবাৰে তহলদাৰী সময়ত চাৰিলেনযুক্ত ৰাজপথত জব্দ কৰে চালান বিহীন এই ডাম্পাৰ কেইখন ৷

শিল বালিৰ অবৈধ বেহা হোজাই জিলাত

উল্লেখযোগ্য যে,তিনিওখন গাড়ীয়েই নম্বৰ প্লেট বিহীন ৷ বনবিভাগৰ লোকে গাড়ী ৰখোৱাৰ বাবে ইংগিত দিয়াৰ লগে লগে চালক কেইজন গাড়ী এৰি পলায়ন কৰে ৷ এনেদৰে চৰকাৰী কৰ ফাঁকি দি একাংশ আসাধু ব্যৱসায়ীয়ে বনবিভাগৰ চকুৰ সন্মুখেদি চলাই আহিছে শিল বালিৰ অবৈধ বেহা ৷ সম্প্ৰতি এই গাড়ী কেইখন লংকা আঞ্চলিক বনবিভাগৰ জিম্মাত ৷

ABOUT THE AUTHOR

...view details