হোজাই, 1 জুনঃ হোজাইৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ গৈ সোমবাৰে বানাক্ৰান্ত মাজত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ৰাইজৰ দুৰ্দশাৰ বিপৰীতে চৰকাৰৰ গুণগান গোৱাৰহে অভিযোগ উত্থাপন হৈছে ৷ হোজাইৰ আৰু লামডিং সমষ্টিৰ দুই বিধায়কক লগত লৈ বান পীড়িত এলেকাত ভ্ৰমণ কৰি হাতীমৰা গাঁৱৰ কঁপিলীৰ মথাউৰীত গৰা খহনীয়াৰ পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ চৰকাৰৰ আৰু প্ৰধানমন্ত্ৰীৰ গুণ গান গাই পঞ্চমুখ হৈ পৰে। কিন্তু বানাক্ৰান্তৰ খবৰ ল'বলৈ আহি ৰাইজৰ খবৰ লোৱা নাই বুলি অভিযোগ তুলিছে শিবিৰত থকা লোকসকলে।
হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা
বানাক্ৰান্তৰ মাজত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে হাতীমৰা গাঁওৰ কঁপিলীৰ মাথাউৰীত গড়া খহনীয়াৰো পৰ্যবেক্ষণ কৰে ৷ কামৰ সলনি নিজৰ চৰকাৰৰ গুণ গানহে গালে মুখ্যমন্ত্ৰীয়ে ৷
হোজাইৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীৰ মোদী বন্দনা