হোজাই, 24 জুন : চীনা সৈনিকৰ আক্ৰমণত শ্বহীদ হোৱা বীৰ ভাৰতীয় জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন সৈনিকে ৷ বিগত 15 জুনত গালৱান সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিকসকলে ৷ হোজাইৰ প্ৰাক্তন সৈনিক সংস্থাৰ কাৰ্যালয়ত বুধবাৰে সন্ধিয়া বীৰ সৈনিকৰ সোঁৱৰণত এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন সৈনিকসকলে ৷
গালৱানৰ বীৰ শ্বহীদক প্ৰাক্তন সৈনিকৰ শ্ৰদ্ধাঞ্জলি
বিগত 15 জুনত গালৱান সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰাক্তন সৈনিকসকলে ৷ হোজাইৰ প্ৰাক্তন সৈনিক সংস্থাৰ কাৰ্যালয়ত বুধবাৰে সন্ধিয়া বীৰ সৈনিকৰ সোঁৱৰণত এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন সৈনিকসকলে ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বজৰংগ দলৰ সহযোগত এইদৰে শ্বহীদক সোঁৱৰণ কৰে প্ৰাক্তন সৈনিকসকলে ৷ হোজাইৰ ৰামপুৰস্থিত প্ৰাক্তন সৈনিক সংস্থাৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হোজাই জিলাৰ সভাপতিগৰাকীয়ে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায় ৷ শ্বহীদৰ ত্যাগৰ বিনিময়ত ভাৰতীয়সকলক চীনা সামগ্ৰী বৰ্জন কৰি শ্বহীদ বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহ্বান জনায় তেওঁ ৷ সভাপতিগৰাকীয়ে লগতে ভাৰত এতিয়া আৰু আগৰ সেই ভাৰত হৈ থকা নাই বুলি সকীয়াই দিয়াৰ লগতে 62ৰ সময়ত চীনে দেখা ভাৰত আৰু এতিয়াৰ ভাৰতৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰে ৷
লগতে পঢ়কঃৰাছিয়াৰ বিজয় দিৱসঃ কি এই বিজয় দিৱস আৰু 24 জুনৰ বিশেষত্ব