নিউজ ডেস্ক,3 আগষ্ট : ৰাজ্যত হোৱা দ্বিতীয়টো বানৰ পাছত পুনৰ বান আৰু গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ হোজাই জিলাৰ লামডিঙত প্লাৱিত হ'ল বহু অঞ্চল ৷ লামডিঙৰ হৰুলংফাৰ নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত নিশাৰ ভিতৰতেই লামডিঙৰ দাতিকাষৰীয়া অঞ্চলত মূষলধাৰ বৃষ্টিপাতৰ বাবে ফেনে ফোটোকাৰে ওফন্দি উঠে হৰুলংফাৰ নৈ ৷ নৈখনৰ বাঢ়নী পানীয়ে লামডিঙৰ নৱীন পল্লী আৰু আমটিলাত প্ৰায় শতাধিক পৰিয়ালৰ ক্ষতি কৰাৰ লগতে ঝুলনপুল, হৰুলংফাৰ শংকৰপল্লী, চান্দমাৰী, ইনষ্টিটিউত কলনিও প্লাৱিত হৈ পৰে ৷ যাৰ ফলত চিন্তিত হৈ পৰে অঞ্চলকেইটৰ বাসিন্দাসকল ৷
বান আৰু খহনীয়াত বিস্তৰ ক্ষতি বহু জিলাৰ
দ্বিতীয়টো বানৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হৈছে বান আৰু খহনীয়াৰ সন্ত্ৰাস ৷ বান আৰু খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল ৷ অতিষ্ঠ ৰাইজে খহনীয়া ৰোধৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
ইফালে, কলগাছিয়াৰ চলচলীয়াতো বেঁকী নৈয়ে চলাইছে সন্ত্ৰাস ৷ দ্বিতীয়টো বানৰ পাছত কলগাছিয়াত এতিয়া গৰাখহনীয়াৰ সন্ত্ৰাস ৷ গৰাখহনীয়াৰ ফলত বহু বাসগৃহৰ লগতে বহু পৰিয়ালৰ শালি ধান আৰু মৰাপাটৰ বিস্তৰ ক্ষতি সাধন হয় ৷ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি জেকনিকুৰা, মিনিশিমলা, চৰচৰীয়া, কৰুবাহা, কামাৰপাৰা আদি গাঁৱতো ত্ৰাসৰ সৃষ্টি কৰে ৷ স্থানীয় ৰাইজে এই গৰাখহনীয়াত অতিস্ত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷
মৰিগাঁও জিলাৰ উত্তৰাঞ্চল লাহৰীঘাট ভূৰাগাঁৱকে আদি কৰি বহুকেইটা অঞ্চলত লুইতৰ বিধ্বংসী বানে তচনচ কৰি যোৱাৰ পাছতেই পুনৰ খহনীয়াই আতংক সৃষ্টি কৰে বৃহত্তৰ অঞ্চলকেইটাত ৷ খহনীয়াৰ ফলত অঞ্চলকেইটাত বাস কৰা বহু পৰিয়ালৰ হয় বিস্তৰ ক্ষতি ৷ খহনীয়া ৰোধৰ বাবে অঞ্চলবাসীয়ে বহুবাৰ চৰকাৰ তথা জন-প্ৰতিনিধিক অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ যাৰ বাবে অঞ্চলবাসীয়ে পুনৰবাৰ এই খহনীয়া ৰোধৰ বাবে আহ্বান জনায় প্ৰশাসনক ৷