হোজাই, ৯ ফেব্ৰুৱাৰী : বহিঃৰাজ্যৰ কৰ্মক্ষেত্ৰৰ পৰা সন্ধানহীন অসমৰ যুৱক। ছমাহৰ পূৰ্বে হোজাইৰ পৰা কেৰালালৈ চাকৰিসূত্ৰে যোৱা যুৱকজন দেওবাৰৰ পৰা নিখোজ হৈ আছে।
কেৰালাত কৰ্মৰত হোজাইৰ ডাবলংঙৰ নিবাসী অনুকূল বিশ্বাস দেওবাৰে ৰাওনা হৈছিল স্ব-গৃহ অভিমূখে। কিন্তু ভূৱনেশ্বৰৰ ৰেল ষ্টেচনত অচিনাক্ত দুৰ্বৃত্তই লুটি নিছিল যুৱকজনৰ মোবাইল ফোন-মানিবেগ সহ সকলো সামগ্ৰী। এই ঘটনা সম্পৰ্কে ভুক্তভোগী অনুকূল বিশ্বাসে সহযাত্ৰীৰ ফোনৰ পৰা শিলচৰৰ আত্মীয়লৈ বাৰ্তা প্ৰেৰণ কৰিছিল যদিও ঘটনাৰ পাচৰেপৰাই পৰিয়ালৰ লোকৰ সৈতে বৰ্তমানলৈ কোনো যোগাযোগ কৰা নাই যুৱকজনে। এসপ্তাহ ধৰি ঘৰলৈ উভতি নহাত যুৱকজনৰ সন্ধানত আৰক্ষীৰ ওচৰ চাপিছে পৰিয়ালৰ লোক। কোনো লোকে অনুকূল বিশ্বাসৰ সন্ধান লাভ কৰিলে 7896706143 /9957672132 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।