অসম

assam

ETV Bharat / state

কাকীত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন অসমী ব’হাগী মেলা

হোজাই জিলাৰ কাকীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসমী ব’হাগী মেলা (Asomi Bohagi Mela at Kaki) ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই মেলা উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ৷

Asomi Bohagi Mela
কাকীত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন অসমী ব’হাগী মেলা

By

Published : Apr 12, 2022, 7:58 AM IST

হোজাই, 12 এপ্ৰিল :অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত লংকাৰ কাকীৰ নেহৰু খেলপথাৰত 11, 12 আৰু 13 এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অসমী ব’হাগী মেলা (Asomi Bohagi Mela in Hojai) । পাহাৰী ঠাইচু মণ্ডল পৰ্যায়ৰ সংগঠন, লামডিং উন্নয়ন খণ্ড পাটকাই মণ্ডল পৰ্যায়ৰ সংগঠন আৰু উদালী উন্নয়ন সংগঠনৰ দ্বাৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই ব’হাগী মেলা ৷

কাকীত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন অসমী ব’হাগী মেলা

সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ৷ লামডিং সমষ্টিৰ বিধায়ক গৰাকীয়ে সোমবাৰে পুৱা অসমী ব’হাগী মেলাৰ শুভ উদ্বোধন কৰে ৷ জানিব পৰা মতে, হোজাই জিলাৰ পাঁচটা উন্নয়ন ব্লকৰ অন্তৰ্গত আত্মসহায়ক গোটৰ 30 খন বিপণীয়ে অংশগ্ৰহণ কৰিছে এই মেলাত ।

অসমী ব’হাগী মেলা

বিহুৰ প্ৰাকক্ষণত জিলাখনৰ আত্মসহায়ক গোটসমূহক এখন বজাৰ দিয়াৰ লক্ষ্যৰে এনেদৰে ব’হাগী মেলা অনুষ্ঠিত কৰা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অসমী ব’হাগী মেলাৰ আয়োজকসকলে । এই মেলাত আত্মসহায়ক গোটসমূহে নিজে প্ৰস্তুত কৰা পিঠা-পনাকে ধৰি বিভিন্ন জনগোষ্ঠীয় সাজপাৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা আছে ৷

উল্লেখ্য যে, তিনিদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত মেলাত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰা আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব ৷

লগতে পঢ়ক :হাফলঙত আৰম্ভ তিনিদিনীয়া অসমী বহাগী মেলা

ABOUT THE AUTHOR

...view details