অসম

assam

ETV Bharat / state

হাইলাকান্দিত বিধায়কৰ গুণ্ডা বাহিনীৰ আক্ৰমণ নিৰীহ গঞাৰ ওপৰত

পথ নিৰ্মাণত গাফিলতি কৰা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আক্ৰমণৰ বলি হ'ল গাঁওবাসী । এই ঘটনাত আহত হয় ১৫ গৰাকীকৈ  লোক  ।

বিধায়কৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ চলালে নিৰীহ গঞাৰ ওপৰত

By

Published : Jun 25, 2019, 8:47 PM IST

হাইলাকান্দি,২৫ জুনঃ হাইলাকান্দিত নিৰীহ গঞাৰ ওপৰত বিধায়কৰ গুণ্ডা বাহিনীৰ আক্ৰমণৰ অভিযোগ। বিধায়ক নিজাম উদ্দিনৰ গুণ্ডা বাহিনীৰ আক্ৰমণত ১৫ গৰাকী ব্যক্তি আহত হোৱাৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ চণ্ডিপুৰ গাঁৱত ।

হাইলাকান্দিত বিধায়কৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ চলালে নিৰীহ গঞাৰ ওপৰত

অভিযোগ অনুসৰি, চণ্ডিপুৰ গাঁৱত এ আই ইউ ডি এফ দলৰ বিধায়ক নিজাম উদ্দিনৰ ঘনিষ্ঠ ঠিকাদাৰ জহিৰুল ইছলাম মজুমদাৰে এটা পথ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল। কিন্তু ঠিকাদাৰ জনে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । কিন্তু প্ৰতিবাদৰ পিছতেই ঠিকাদাৰ আৰু বিধায়কৰ একাংশ সমৰ্থকে হাতত বিভিন্ন অস্ত্ৰ লৈ আক্ৰমণ চলায় প্ৰতিবাদকাৰীৰ ওপৰত। পিছত আৰক্ষী আৰু চি আৰ পি এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

ABOUT THE AUTHOR

...view details