অসম

assam

ETV Bharat / state

কোনদিশে চৰকাৰী শিক্ষা? চাওক হাইলাকান্দিৰ বিদ্যালয়ৰ নমুনা

সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমান বড়ভূঞাই বিদ্যালয়ৰ শৌচালয়ৰ পৰা বিদ্যালয়ৰ নাম ফলক আনি বিদ্যালয়ৰ আগফালে লগাই দিয়ে ৷

By

Published : May 9, 2019, 2:32 PM IST

হাইলাকান্দি জিলাৰ এখন আজৱ বিদ্যালয় !

হাইলাকান্দি , 09 মে': হাবি-জংঘলে আৱৰি ধৰিছেহাইলাকান্দিৰ এখন বিদ্যালয় ৷ জিলাখনৰ বাউৰঘাট দ্বিতীয়খণ্ড প্ৰাথমিক বিদ্যালয়খনত শিক্ষা বিভাগৰ অৱহেলাৰ ফলত চূড়ান্ত অৰাজক পৰিৱেশ বিৰাজ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কেৱল বিদ্যালয়খনৰ বাহিৰতেই নহয়, বিদ্যালয়খনৰ ভিতৰ ভাগৰো একেই অৱস্থা ৷ বোকাত পোত খাই আছে বিদ্যালয়ৰ শ্ৰেণীকক্ষ ৷

হাইলাকান্দি জিলাৰ এখন আজৱ বিদ্যালয় !

ইপিনে বিদ্যালয়খনত 10 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে 2 গৰাকী শিক্ষক ৷ তদুপৰি প্ৰায়ে বন্ধ থাকে বিদ্যালয়খন ৷ আজি সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমান বড়ভূঞাই বিদ্যালয়ৰ শৌচালয়ৰ পৰা বিদ্যালয়ৰ নাম ফলক আনি বিদ্যালয়ৰ আগফালে লগাই দিয়ে ৷

ABOUT THE AUTHOR

...view details