হাইলাকান্দি, 16 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৷ কিন্তু পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা নাই এইবেলি বিশ্বকৰ্মা পূজাত ৷ লক-ডাউনে বাৰুকৈয়ে জুৰুলা কৰিছে মৃৎ শিল্পী সকলক। পূজালৈ মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ পিছতো গ্ৰাহকৰ অভাৱত শাৰী শাৰীকৈ সজাই থ’বলগীয়া হৈছে বিশ্বকৰ্মাৰ মূৰ্তি ৷ মৃৎ শিল্পীসকলৰ মন্তব্য বিগত 30-40 বছৰে এই কৰ্মৰ সৈতে জড়িত থকাৰ পিছতো এনেধৰণৰ লোকচানৰ সন্মুখীন হোৱা নাছিল শিল্পীসকল ৷ ধাৰ-ঋণ কৰি মূৰ্তি নিৰ্মাণ কাৰ্যত জড়িত এইসকল শিল্পীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷
গ্ৰাহকৰ অভাৱত শাৰী শাৰীকৈ পৰি আছে বিশ্বকৰ্মাৰ মূৰ্তি
বিশ্বকৰ্মা পূজালৈ মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ পিছতো গ্ৰাহকৰ অভাৱত শাৰী শাৰীকৈ সজাই থ’বলগীয়া হৈছে বিশ্বকৰ্মাৰ মূৰ্তি ৷ হাইলাকান্দিত মৃৎ শিল্পীসকলৰ মন্তব্য বিগত 30-40 বছৰে এই কৰ্মৰ সৈতে জড়িত থকাৰ পিছতো এনেধৰণৰ লোকচানৰ সন্মুখীন হোৱা নাছিল শিল্পীসকল ৷
গ্ৰাহকৰ অভাৱত শাৰী শাৰীকৈ পৰি আছে বিশ্বকৰ্মাৰ মূৰ্তি