অসম

assam

By

Published : Dec 5, 2020, 8:47 PM IST

ETV Bharat / state

এতিয়াও অনিশ্চয়তাত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা : জীতেন্দ্ৰ সিং

শনিবাৰে হাইলাকান্দি জিলা কংগ্ৰেছৰ নেতৃত্বত এক বিশাল কৰ্মীসভা আয়োজন কৰা হয় । এই সভাত বিশেষ অতিথি হিচাবে উপস্থিত থাকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উত্তৰ কৰিমগঞ্জৰ বিধায়াক কমলাক্ষ দে’ পুৰকায়স্থ আৰু শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ ।

CONGRESS MEETING
CONGRESS MEETING

হাইলাকান্দি, 5 নৱেম্বৰ : ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে জনসভা তথা কৰ্মীসভা ৷ তাৰ পৰিপ্ৰক্ষিতত শনিবাৰে হাইলাকান্দি জিলা কংগ্ৰেছৰ নেতৃত্বত এক বিশাল কৰ্মীসভা আয়োজন কৰা হয় । প্ৰথমতে হাইলাকান্দি বাইপাছৰ পৰা এক বিশাল সমদলৰে চহৰ ভ্ৰমণ কৰি স্থানীয় ৰবীন্দ্ৰ ভৱনৰ সভাস্থলীত সকলোৱে উপস্থিত হয় ।

এতিয়াও অনিশ্চয়তাত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা

এই সভাত বিশেষ অতিথি হিচাবে উপস্থিত থাকে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উত্তৰ কৰিমগঞ্জৰ বিধায়াক কমলাক্ষ দে’ পুৰকায়স্থ আৰু শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ । বক্তব্য প্ৰদান কৰি মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেৱে কয় যে বিজেপি চৰকাৰৰ পৰিৱৰ্তন মানে বৰাকৰ ল’ৰা-ছোৱালীক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰা ৷ পৰিৱৰ্তন মানে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৷ এইদৰে বিভিন্ন তীৰ্যক মন্তব্যৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালচনামুখৰ হৈ পৰে প্ৰাক্তন সাংসদ গৰাকী ।

কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে কয় যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা এতিয়াও অনিশ্চয়তাত ৷ এতিয়ালোকে দলে কোনো সিদ্ধান্ত লোৱা নাই ৷ মিত্ৰতাৰ লগতে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ’ব বুলি দাবী কৰে কংগ্ৰেছ নেতাজনে ৷

লগতে পঢ়ক :আগন্তুক ১২ ঘণ্টাত 'বুৰেৱী' ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস পোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details