হাইলাকান্দি,26 জুন:হাইলাকান্দিৰ বন্দুকমাৰা গাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ অঞ্চলটোত শক্তি বিভাগৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে স্থানীয় ৰাইজৰ ৷ বিদ্যুতৰ সংযোগ নথকা গাঁওখনৰ বাসিন্দাসকলৰ নামত শক্তি বিভাগে প্ৰেৰণ কৰিলে হাজাৰ টকাৰ বিল ৷ বিভাগটোৰ এই হতচকিত কাণ্ডত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে শক্তি বিভাগ হায় হায়,শক্তি বিভাগ মুৰ্দাবাদ,অসম চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷
বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ হাজাৰটকীয়া বিল
হাইলাকান্দিত শক্তি বিভাগৰ আজৱ কাণ্ড । বিদ্যুত সংযোগবিহীন গ্ৰাহকলৈ প্ৰেৰণ কৰিলে হাজাৰ টকাৰ বিদ্যুতৰ বিল ৷ বিষয় প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰে ৷
বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড
ইপিনে ঘটনা সন্দৰ্ভত তীব্ৰ ক্ষোভ ব্যক্ত কৰে জিলাখনৰ এআইইউডিএফ-ৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে । বিধায়ক গৰাকীয়ে বিগত এবছৰৰ পৰা শক্তি বিভাগে এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৷ গোপী কিষণ কোম্পানী লিমিটেডৰ অধীনস্থ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ৰাইজক বিদ্য়ুত সংযোগৰ নামত ধন লোৱাৰো এক অভিযোগ উত্থাপন কৰিছে হাইলাকান্দিৰ বিধায়ক গৰাকীয়ে ৷