অসম

assam

ETV Bharat / state

খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত ব্যাপক দুৰ্নীতি !

খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষকলৈ অহা বীজ,সাৰ,ঔষধ প্ৰদান কৰাৰ নামত বৃহৎ কেলেংকাৰী। ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে গৰজি উঠিছে কৃষক সকলৰ লগতে বিভিন্ন দল সংগঠন ৷

scam At krishi vigyan Kendra in Khumtai
খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত ব্যাপক দুৰ্নীতি !

By

Published : Jul 13, 2020, 10:12 PM IST

খুমটাই, 13 জুলাইঃ গোলাঘাট জিলাৰ খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষকলৈ অহা সাৰ,বীজ, ঔষধকে ধৰি বিভিন্ন ধৰণৰ সা-সজুলি,প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ বিষয়া কৰ্মচাৰীয়ে বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে স্থানীয় দল সংগঠনে । ইতিমধ্যে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বিভিন্ন দল সংগঠনে ৷

খুমটাইৰ কৃষি বিজ্ঞান কেন্দ্ৰত ব্যাপক দুৰ্নীতি !

ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰত ব্যাপক কেলেংকাৰীৰ সংঘটিত হোৱাৰ অভিযোগ কৰিছে সদৌ অসম টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে ৷ জিলাখনৰ দৰিদ্ৰ কৃষক সকলৰ মাজত প্ৰদৰ্শনীমূলকভাৱে উন্নত প্ৰজাতিৰ ধানৰ বীজ,সাৰ, ঔষধ প্ৰদান কৰাৰ নামত বৃহৎ কেলেংকাৰী হোৱা বুলি গুৰুতৰ অভিযোগ কৰে কৃষক সকলে ৷ প্ৰতিবছৰে জিলাখনিৰ প্ৰায় কেইবা শতাধিক কৃষক পৰিয়াললৈ কেন্দ্ৰটিৰ তৰফৰ পৰা কৃষি আঁচনি গ্ৰহন কৰি আহিছে ৷ চলিত বৰ্ষত সমগ্ৰ জিলাখনিৰ কৃষক সকলক উন্নত প্ৰজাতিৰ ধানৰ বীজ যোগান ধৰিছে যদিও প্ৰয়োজনীয় সাৰ আৰু ঔষধ যোগান ধৰিব লাগে যদিও কৃষকসকলে সাৰ সমূহ লাভ নকৰাৰ অভিযোগ কৃষকৰ ৷

কৃষি বিজ্ঞান কেন্দ্ৰটিৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড0 ফকৰুদ্দিন আহমেদৰ মতে কৃষকৰ সুবিধাৰ বাবে বিশ্ব বেংকৰ পৰা ঋণৰ জৰিয়তে বিজ্ঞান ভিত্তিত প্ৰযুক্তি গতভাৱে কৃষক সকলক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উক্ত সুবিধা প্ৰদান কৰা হয় ৷ কিন্তু উক্ত আঁচনিৰ জৰিয়তে কৃষকসকল উপকৃত হোৱাৰ বিপৰীতে একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে গোপনে সাৰ,ঔষধৰ নামত দুৰ্নীতি সংঘটিত কৰা স্পষ্ট হৈ পৰিছে ৷ এতিয়া ৰাজ্যৰ কৃষিমন্ত্ৰী গৰাকীয়ে এইসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব উল্লেখনীয় ৷ লগতে ইয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক- প্ৰসংগ বানঃ সোণোৱাল-মহন্তৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা কংগ্ৰেছৰ


ABOUT THE AUTHOR

...view details