অসম

assam

ETV Bharat / state

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মিহিমুখৰ পৰা বিশেষ নাৱেৰে যাত্ৰা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও হাইলেণ্ডত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ ইপিনে কাজিৰঙাত বৰ্তমানে থকা হাইলেণ্ডে বন্যপ্ৰাণীৰ বাবে সুৰক্ষাৰ কাম কৰি আছে কিন্তু প্ৰয়োজন সাপেক্ষে আৰু হাইলেণ্ড নিৰ্মাণ কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

By

Published : Jul 20, 2020, 7:58 PM IST

Updated : Jul 20, 2020, 9:03 PM IST

Minister Himanta Biswa sarma Visit kaziranga national Park
কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

গোলাঘাট,20 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাক লগত লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে ৷

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মিহিমুখৰ পৰা বিশেষ নাৱেৰে যাত্ৰা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও হাইলেণ্ডত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷ ইপিনে কাজিৰঙাত বৰ্তমানে থকা হাইলেণ্ডে বন্যপ্ৰাণীৰ বাবে সুৰক্ষাৰ কাম কৰি আছে কিন্তু প্ৰয়োজন সাপেক্ষে আৰু হাইলেণ্ড নিৰ্মাণ কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বন কৰ্মীক সাক্ষাৎ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকলে চোৰাং চিকাৰীৰ লগত মোকাবিলা কৰিব পৰাকৈ 303 ৰাইফলৰ সলনি অত্যাধুনিক মাৰণাস্ত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলিও ঘোষণা কৰে৷ইয়াৰ উপৰিও বনকৰ্মী সকলৰ খাদ্যৰ বাবে প্ৰদান কৰা পূৰ্বৰ ১২০০ টকাৰ পৰিৱৰ্তে আগষ্ট মাহৰ পৰা বনকৰ্মী সকলক ২০০০ টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে । মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত প্ৰস্তাৱিত ফ্লাইভাৰ সম্পৰ্কত কয় যে এই বিষয়ত কেন্দ্ৰৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ সঁহাৰি পোৱা হোৱা নাই ৷

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আনহাতে,কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে,ৰাজ্যত ক'ভিড 19 এ ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আহিলেও প্লাজমা বেংকৰ কাম আৰম্ভ কৰাৰ লগতে আমেৰিকাৰ পৰা যোগান ধৰা দৰৱৰ জৰিয়তে মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ আশা কৰিব পাৰি।

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

লগতে পঢ়কঃক্ৰমাৎ সুস্থ হৈ উঠিছে কাজিৰঙাৰ দিশহাৰা গঁড়টো

Last Updated : Jul 20, 2020, 9:03 PM IST

ABOUT THE AUTHOR

...view details