গোলাঘাট, 21 জুলাই : বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকলৈ গৈছে (tokyo olympics) গোলাঘাটৰ সু-সন্তান লাভলীনা বৰগোঁহাই (lovlina borgohain)। অসমৰ লগতে ভাৰতবৰ্ষলৈ ইটোৰ পিছত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ । ২৪ জুলাইত ভাৰতীয় সময় মতে ৭ বাজি ৩০ মিনিটত টকিঅ' অলিম্পিকৰ বক্সিঙৰ ৰিঙত অৱতীৰ্ণ হ'ব ভাৰতীয় খেলুৱৈ লাভলীনা বৰগোঁহাই ।
যাৰ বাবে লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত এতিয়া ভীৰ কৰিছে অগণন শুভাকাংক্ষীয়ে । অলিম্পিকত যাতে লাভলীনাই পদক অৰ্জন কৰে, তাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছে বিভিন্নজনে । উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিল’মিটাৰ নিলগত অৱস্থিত বাৰমুখীয়া গাঁৱত লাভলীনাৰ জন্মস্থান ।
শৈশৱৰ পৰাই বক্সিং খেলৰ প্ৰতি আকৃষ্ট আছিল লাভলীনা । লাভলীনাৰ লগতে তেওঁৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী কিক বক্সিঙৰ প্ৰতি আকৃষ্ট আছিল । যাৰ বাবে পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনী বৰগোঁহাইয়ে তিনিওকে বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ খেলপথাৰত প্ৰশিক্ষক প্ৰশান্ত দাসৰ ওচৰত প্ৰশিক্ষণ দিছিল ।
ইপিনে পিতৃ-মাতৃয়ে আশা কৰাতকৈও তিনিওটি সন্তানে কিক বক্সিং আৰু বক্সিং খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰাত সফলতা লাভ কৰিছিল । জ্যেষ্ঠ ভগ্নী ক্ৰমে লিছা আৰু লীমা বৰগোঁহাইয়ে খেলৰ জৰিয়তে বিএছএফ (BSF) আৰু চিআইএছএফত (CISF) চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, লাভলীনা মামনী বৰগোঁহাইয়ে বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ আঁজুৰি আনিবলৈ সক্ষম হৈছে ।