অসম

assam

আকষ্মিক বানৰ কৱলত খুমটাৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Oct 30, 2019, 9:01 PM IST

কাতিমহীয়া বানে নিমিষতে ক্ষতিগ্ৰস্ত কৰিলে খুমটাইৰ বহু পৰিয়ালৰ ঘৰৰ লগতে বহু বিঘা কৃষিভূমি ৷ বানাক্ৰান্তক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন তথা স্থানীয় বিধায়ক মৃনাল শইকীয়াই ৷

খুমটাইত কাতিমহীয়া বানৰ তাণ্ডৱ

খুমটাই , 30 অক্টোবৰঃ এটা নিশাৰ ভিতৰতে বাঢ়ি অহা পানীয়ে তাণ্ডৱ চলাইছে গোলাঘাট জিলাৰ খুমটাইত ৷ কাতিমহীয়া বানে নিমিষতে ক্ষতিগ্ৰস্ত কৰিলে খুমটাইৰ বহু পৰিয়ালৰ ঘৰৰ লগতে বহু বিঘা কৃষিভূমি ৷ ধনশিৰি নদীৰ বাঢ়নী পানীয়ে ক্ষতিসাধন কৰিলে খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫ খন গাঁও ৷ বৰবালিটুপ,লেটেকুচাপৰি, বগৰীয়নী, চুঙীহোলা, গান্ধীগাঁও আৰু কেইবাখনো গাঁৱৰ বহু হেক্টৰ পকিবলৈ ধৰা ধাননি পথাৰ নষ্ট কৰিলে বাঢ়নী পানীয়ে ৷ নিশা পানীৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল ৷ ভৰালৰ ধান, গৰু, ছাগলী,ঘৰৰ আচবাব সমূহ উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ ধাপলি মেলিব লগা হৈছে ৰাইজে ৷ প্ৰশাসনৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক খাদ্য যোগান ধৰা হৈছে ৷ স্থানীয় বিধায়ক মৃনাল শইকীয়াই নিজাববীয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰৰ ক্ষেত্ৰতো পদক্ষেপ লোৱাৰ কথা জনিবলৈ দিয়ে স্থানীয় নৈপৰীয়া ৰাইজে ৷

খুমটাইত কাতিমহীয়া বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details