অসম

assam

ETV Bharat / state

বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়ঃ জ্যোতি ৰংগালাই

ভাৰতবৰ্ষৰ ১৬ হেজাৰ পথ অতিক্ৰম কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা ভাৰতবৰ্ষৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত বুলি মন্তব্য অন্ধ্ৰপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাৰ জ্যোতি ৰংগালাইৰ ৷ এই ভ্ৰমণৰ লক্ষ্য ৩০ হেজাৰ পথ অতিক্ৰম কৰি গ্ৰীনিজ বুকত ৰেকৰ্ড কৰা আৰু উদেশ্য মহিলাৰ বাবে বিভিন্ন ভাৰতবৰ্ষৰ ৰাজপথসমূহ কিমান সুৰক্ষিত সেয়া প্ৰমাণ কৰা ।

বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়ঃ জ্যোতি ৰংগালাই

By

Published : Sep 14, 2019, 12:13 PM IST

গোলাঘাট, 14 চেপ্তেম্বৰঃ "ভাৰতবৰ্ষৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিত। বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয় । অসম এখন শান্তিপূৰ্ণ ৰাজ্য ।" এই মন্তব্য কন্যাকুমাৰীৰ পৰা চাইকেলেৰে ভাৰতবৰ্ষ ভ্ৰমণ কৰা মহিলা জ্যোতি ৰংগালাইৰ। যি সময়ত ভাৰতবৰ্ষত নাৰী সুৰক্ষাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে তেনে সময়তে এগৰাকী মহিলাই কৰা এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ। ভাৰতবৰ্ষৰ ১৬ হেজাৰ পথ অতিক্ৰম কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা এই মন্তব্য কৰা বুলিও প্ৰকাশ কৰে অন্ধ্ৰপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাৰ জ্যোতি ৰংগালাই ৷ অসমৰ বড়ো আৰু কাৰ্বি আংলঙক লৈ বহিঃ ৰাজ্যত এক আতংকময় পৰিৱেশৰ বিষয়ে প্ৰচাৰিত হৈ আহিছে যদিও তেওঁ তাৰ এক বিপৰীত দৃশ্যহে দেখা পালে বুলি মন্তব্য কৰে ।

বহিঃ ৰাজ্যত অসম অশান্ত বুলি চলি অহা প্ৰচাৰ সত্য নহয়ঃ জ্যোতি ৰংগালাই

জ্যোতি ৰংগালাইৰ এই ভ্ৰমণৰ লক্ষ্য ৩০ হেজাৰ পথ অতিক্ৰম কৰি গ্ৰীনিজ বুকত ৰেকৰ্ড কৰা আৰু উদেশ্য মহিলাৰ বাবে বিভিন্ন ভাৰতবৰ্ষৰ ৰাজপথসমূহ কিমান সুৰক্ষিত সেয়া প্ৰমাণ কৰা। এই উদ্দেশ্যেৰে দক্ষিণ ভাৰতৰ কন্যাকুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অন্ধ্ৰপ্ৰদেশৰ যুৱতী জ্যোতি ৰংগালাইৰ লক্ষ্য সম্পূৰ্ণ ভাৰতবৰ্ষৰ 30 হেজাৰ কিলোমিটাৰ পথ চাইকেল চলাই এক অভিলেখ ৰচনা কৰা। ইতিমধ্যে জ্যোতি ৰংগালাই 19 খন ৰাজ্য অতিক্ৰম কৰি উপস্থিত হৈছে অসমৰ গোলাঘাটত। ভাৰতৰ ৰাজপথ মহিলাৰ বাবে কিমান সুৰক্ষিত তাকে প্ৰমাণ কৰিবলৈ জ্যোতি ৰংগালাই বিহাৰ, উত্তৰপ্ৰদেশ,উৰিষ্যাৰ চম্বলপুৰ আদি ১৯ খন ৰাজ্য অতিক্ৰম কৰি আহি উপস্থিত হৈছে গোলাঘাটত । অসমৰ লোকসকল অতিথিপৰায়ণ বুলি আখ্যা ৰংগালাৰ। চাইকেলত ৪০ কেজি ওজনৰ বয়-বস্তু লৈ লক্ষ্য ভেদৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে জ্যোতি ৰংগালাই। চাইকেল বেয়া হ'লে নিজেই মেৰামতি কৰে ৰংগালাই। উল্লেখ্য যে,জ্যোতি ৰংগালাইৰ এই যাত্ৰা শেষ হ'ব দিল্লীৰ ইণ্ডিয়া গেটত। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত সমাপ্ত কৰা হ'ব এই যাত্ৰা। এতিয়াও ১৪ হেজাৰ কিলোমিটাৰ বাট চাইকেল চলাব জ্যোতি ৰংগালাই। ইটিভি ভাৰতৰ তৰপৰ পৰাও শুভেচ্ছা থাকিল জ্যোতি ৰংগালালৈ, নিজ লক্ষ্য সমাপ্ত কৰি ভাৰতবৰ্ষ নাৰীৰ বাবে যে সুৰক্ষিত সেয়া প্ৰতিপন্ন কৰিব পাৰে যাতে জ্যোতি ৰংগালাই।

ABOUT THE AUTHOR

...view details