খুমটাই, 7 ছেপ্তেম্বৰঃ খুমটাইৰ সুগন্ধি বন ঔষধ বনানীকৰণ আৰু প্ৰমোদ কানন উদ্যানখন আজি পৰ্যন্ত ৰাইজৰ বাবে মুকলি কৰা হোৱা নাই৷ ২০১১ বৰ্ষতেই এনৰেগা আঁচনিৰ অধীনত সেই সময়ৰ অসম চৰকাৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুকলি কৰিছিল এই উদ্যান খন৷ প্ৰায় ১০ বিঘা মাটিত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই উদ্যানখন ৷ বহু প্ৰকাৰৰ ফলমূলৰ গছ,বহু উন্নত মানৰ বনৌষধি গছকে ধৰি শিশু সকলৰ মানসিক উৎকৰ্ষৰ বাবে অত্যাধুনিক খেলা ধূলাৰ সামগ্ৰী স্থাপন কৰা হৈছিল উদ্যানখনত ৷ কিন্তু আজি পৰ্যন্ত মূল দুৱাৰ খোল নোখোৱা উদ্যান খন ইতিমধ্যে হাবি জংঘলেৰে ভৰি পৰিছে ৷
চৰণীয়া পথাৰলৈ পৰ্যবসিত খুমটাই প্ৰমোদ কানন উদ্যান
আজি পৰ্যন্ত ৰাইজৰ বাবে মুকলি হোৱা নাই খুমটাই সুগন্ধি বন ঔষধ বনানীকৰণ আৰু প্ৰমোদ কানন উদ্যান৷ ২০১১ বৰ্ষতেই এনৰেগা আঁচনিৰ অধীনত সেই সময়ৰ অসম চৰকাৰৰ গড়কপ্তানি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুকলি কৰিছিল এই উদ্যান খন৷ প্ৰায় ১০ বিঘা মাটিত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই উদ্যানখন
চৰণীয়া পথাৰলৈ পৰ্যবসিত খুমটাই প্ৰমোদ কানন উদ্যান
ছাত্র ছাত্ৰী সকলৰ বাবে স্থাপন কৰা খেলৰ সামগ্ৰী সমূহো নষ্ট হৈ যাব ধৰিছে৷ বৰ্তমান গৰু ছাগলীৰ বিচৰণ স্থলীলৈ পৰিণত হোৱা উদ্যানখন অতি কম সময়ৰ ভিতৰত মেৰামতি কৰি বিভাগীয় বিষয়াক ৰাইজৰ বাবে মুকলি কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে৷