অসম

assam

ETV Bharat / state

গোলাঘাটৰ নুমলীগড়ত প্ৰচণ্ড বৰষুণৰ ফলত কৃত্ৰিম বান

নেৰা-নেপেৰা বৰষুণৰ ফলত পানীৰ তলত বুৰ গৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পানীৰ মাজেৰেই চলাচল উজনি নামনি অভিমুখী বাহন সমূহৰ ৷ গৃহবন্দী বহু পৰিয়াল ৷

গোলাঘাটৰ নুমলীগড়ত প্ৰচণ্ড বৰষুণৰ ফলত কৃত্ৰিম বান

By

Published : Apr 30, 2019, 2:48 PM IST

গোলাঘাট , 30 এপ্ৰিল : গোলাঘাটৰ নুমলীগড়ত নেৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বান পানীৰ সৃষ্টি হৈছে ৷ কৃত্ৰিম বানৰ বাবে পানীৰ তলত বুৰ গৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

গোলাঘাটৰ নুমলীগড়ত প্ৰচণ্ড বৰষুণৰ ফলত কৃত্ৰিম বান

নুমলীগড় চাহ বাগিচাৰ পৰা হিলদল ভাঙি বৈ অহা পানীৰ সোঁতে নুমলীগড়ৰ বহু লোকৰ ঘৰ বাৰী বুৰাই পেলাইছে ৷ এই বাবে নিশাৰে পৰা এই পৰ্যন্ত ৰাইজৰ নাজল-নাথল অৱস্থা হৈছে ৷ জানিব পৰা মতে নুমলীগড় তিনিআলি, বিহৰা, পাইপলাইন আদি অঞ্চলৰ বহু লোকৰ ঘৰৰ ভিতৰত পানী সোমাইছে ৷ ইফালে পানীৰ তলত বুৰ গৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ আনহাতে কৃত্ৰিম বানৰ বাবে নিশা বহুসময় ধৰি স্তব্ধ হৈ পৰে উজনি নামনি সংযোগী পথটো ৷ বৰ্তমানেও ৰাষ্ট্ৰীয় ঘাইপথটোত পানীৰ সোঁত বৈ থকা পৰিলক্ষিত হৈছে ৷ ইপিনে এই পৰ্যন্ত বৰষুণ অব্যাহত থকাৰ বাবে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হোৱাৰ আশংকাই দেখা দিছে ৷

ABOUT THE AUTHOR

...view details