অসম

assam

By

Published : Oct 15, 2019, 7:43 PM IST

Updated : Oct 16, 2019, 1:09 PM IST

ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস : তহিলং কৰিলে শস্য

বন্যপ্ৰাণীৰ আবাসস্থল কাটি ধ্বংস কৰাৰ ফলতে বন্যহস্তীয়ে জনবসতি অঞ্চলত উপদ্ৰৱ কৰি আহিছে ৷ গোলাঘাটৰ মৰঙী মৌজাৰ বহু অঞ্চলতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ পথাৰৰ ধান খাই তহলিং কৰাৰ লগতে মানুহৰ ভঁৰাল ভাঙি ভক্ষণ কৰিছে ধান ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

গোলাঘাট,15 অক্টোবৰ : বন্যপ্ৰাণীৰ আবাসস্থল কাটি ধ্বংস কৰাৰ ফলতে বন্যহস্তীয়ে জনবসতি অঞ্চলত উপদ্ৰৱ কৰি আহিছে ৷ গোলাঘাটৰ মৰঙী মৌজাৰ বহু অঞ্চলতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ পথাৰৰ ধান খাই তহলিং কৰাৰ লগতে মানুহৰ ভঁৰাল ভাঙি ভক্ষণ কৰিছে ধান ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

ইয়াৰোপৰি পুৰণিমাটি গাঁৱৰ নিবাসী লাৱণ্য দত্ত নামৰ লোকজনৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে ধান খাই অনিষ্ট সাধন কৰে বন্যহস্তীয়ে ৷ বন্যহস্তীয়ে সঘনাই মৰঙী মৌজাৰ পুৰণিমাটি,মাজগাঁও,ৰাগদীয়া,লেটেকুবস্তি,কৌৱানিপথাৰ,অভয়জান,জুলীয়া দলং আদি অঞ্চলত সন্ত্ৰাস চলাই আহিছে । এই ক্ষেত্ৰত বন বিভাগে কোনোধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

Last Updated : Oct 16, 2019, 1:09 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details