অসম

assam

ETV Bharat / state

কৰ'ণা মুক্ত হ'ল গোলাঘাট জিলা

শনিবাৰে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা অন্তিম গৰাকী কৰ'ণা ৰোগীক বিদায় দিয়া হয় ৷ ইয়াৰ লগে-লগে বৰ্তমানলৈ কৰ'ণা মুক্ত হয় জিলাখন ৷

Covid-19 patients discharged in golaghat kushal konwar civil hospital
কৰ'ণা মুক্ত হ'ল গোলাঘাট জিলা

By

Published : May 2, 2020, 12:25 PM IST

গোলাঘাট, 2 মে' : শনিবাৰে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা জিলাখনৰ অন্তিম গৰাকী কৰ'ণা ৰোগীক বিদায় দিয়া হয় ৷ গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক আৰু চিকিৎসালয় খনৰ অধীক্ষক গৰাকীয়ে গামোচা আৰু ফল-মূলৰ পাচিৰে ৰোগী গৰাকীক বিদায় দিয়ে ৷

উল্লেখযোগ্য যে, চিকিৎসালয়খনত মুঠ 9 জন কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী চিকিৎসাধীন হৈ আছিল । ইয়াৰে চাৰিজনক যোৱা 18 এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে চিকিৎসালয়ৰ পৰা বিদায় দিছিল । ইয়াৰ পিছত পুনৰ 26 এপ্ৰিলত আন 4 গৰাকী কৰ'ণা ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় । শনিবাৰে পুনৰবাৰ জিলা খনৰ অন্তিম গৰাকী কৰ'ণা ৰোগীক বিদায় দিয়া হয় ৷

কৰ'ণা মুক্ত হ'ল গোলাঘাট জিলা

বিদায় দিয়া আটাই কেইগৰাকী ৰোগীক বৰ্তমানে এনাজৰী বিবাহ ভৱনত 14 দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা হৈছে ৷

উল্লেখযোগ্য যে, শনিবাৰে বিদায় দিয়া ৰোগী গৰাকীৰ ঘৰ মেৰাপানীৰ ইছলামপুৰত ৷ প্ৰতিগৰাকী ৰোগীয়ে স্বাস্থ্য মন্ত্ৰী, প্ৰশাসন আৰু স্বাস্থ্য বিভাগক ধন্যবাদ জনায় ৷

লগতে পঢ়ক : বহিঃৰাজ্যত আৱদ্ধ লোক সকলক ঘূৰাই অনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details