সৰুপথাৰ, 14 জুন : গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত বৰপথাৰ জামুগুৰি সংযোগী পথৰ চাংপুলত সোমবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘতিত হয় । ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত দূৰ্ঘটনাটোত বাইক আৰোহী দুয়োজন থিতাতে নিহত হয় ।
জানিব পৰা মতে, গোলাঘাটৰ পৰা বৰপথাৰ অভিমুখে এফ চি আই (FCI)ৰ চাউল কঢ়িয়াই অনা as-০১d-৭৮৮৯ নম্বৰৰ ট্ৰাক খনৰ লগত বিপৰীত দিশ বৰপথাৰৰ পৰা গোলাঘাট অভিমুখে আহি থকা এ এচ ০৩ এক্স ৮৪৪৪ নম্বৰৰ গ্লেমাৰ বাইক খনে সন্মুখৰ পৰা খুন্দা মৰাৰ ফলতে দূৰ্ঘটনাটো সংঘটিত হয় ৷
সংৰ্ঘষৰ ফলত বাইক আৰোহী গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ গৌতম বৰা নামৰ যুৱক জন থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত আনজন বাইক আৰোহীক আৰক্ষীয়ে নিজা বাহনেৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু হয় ৷
ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আনজন বাইক আৰোহী গোলাঘাট ৰূপকলীয়াৰ বৰপথৰোৱা গাঁৱৰ হেমন্ত ৰাজখোৱাৰ পুত্ৰ সঞ্জয় ৰাজখোৱা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, বাইক আৰোহী দুজনে তীব্ৰ বেগত আহি ট্ৰাক খনত খুন্দা মৰাৰ ফলতে দূৰ্ঘটনাটো সংঘতিত হয় বুলি ট্ৰাক চালকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক :ডিব্ৰুগড়ৰ কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘলৰ