বোকাখাত, 27 জুন : কৃষিমন্ত্ৰী অতুল বৰাৰ নতুন পদক্ষেপ ৷এচি গাড়ী নহয়, এইবাৰ কৃষকৰ বাবে ট্ৰেক্টৰ চলালে কৃষিমন্ত্ৰী অতুল বৰাই । সমষ্টিটোৰ বান বিধ্বস্ত কৃষকৰ বাবে ৪০ হেক্টৰ ভূমিত উন্নত প্ৰজাতিৰ কঠীয়া সিঁচাৰ কামৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷
দেওবাৰে বোকাখাতৰ পাণবাৰীস্থিত কৃষি নিগমৰ ১৫ হেক্টৰ মাটিত হাল বাই কঠীয়া সিঁচিলে মন্ত্ৰী গৰাকীয়ে । বানৰ সময়ত উপায়ন্তৰ হৈ কৃষকক সকাহ দিবলৈ বাহাদুৰ আৰু ৰঞ্জিত চাব এক সঁচৰ ধানৰ কঠীয়া সিঁচি সমষ্টিটোৰ কৃষকক সকাহ দিবলৈ প্ৰচেষ্টা লৈছে মন্ত্ৰী গৰাকীয়ে ।