সন্তানক বুকুত লৈ এহাল পিতৃ-মাতৃৰ বিননি
অসুস্থ কণমানিক বুকুত লৈ গোলাঘাট নুমলীগড়ত এহাল পিতৃ মাতৃৰ বিননি । অসুস্থ কণমানি জনীক চিকিৎসা কৰিবলৈ হাহাকাৰ পিতৃ-মাতৃৰ । ইতিমধ্যেই ঘৰৰ মাটি ভেটি, পশুধন সকলো শেষ হ'ল কণমানি জনীৰ চিকিৎসাৰ নামত । কিন্তু সুস্থ হে কৰিব নোৱাৰিলে কণমানিজনীক।
গোলাঘাট, ২৬ জুলাইঃ অসুস্থ কণমানিক বুকুত লৈ গোলাঘাট নুমলীগড়ত এহাল পিতৃ মাতৃৰ বিননি । অসুস্থ কণমানি জনীক চিকিৎসা কৰিবলৈ হাহাকাৰ পিতৃ-মাতৃৰ ।
গোলাঘাট নুমলীগড়ৰ চাহ বাগিচাৰ নিবাসী পিতৃ-মাতৃ ক্ৰমে প্ৰবীণ ঠাকুৰ আৰু জবিতা ঠাকুৰীয়াৰ একমাত্ৰ কন্যা সন্তান নাম লুহিতা ঠাকুৰীয়া । যোৱা তিনিটা মাহৰ আগতে হঠাতে অসুস্থ হৈ পৰা কণমানি লোহিতাক পিতৃ মাতৃয়ে নুমলীগড় NRL ৰ বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু চিকিৎসকে কণমানি জনী হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত বুলি উন্নত চিকিৎসাৰ বাবে উন্নত চিকিৎসালয়লৈ নিবলৈ অনুৰোধ কৰে । দিন হাজিৰা কৰা পিতৃ মাতৃয়ে উপায়ন্তৰ হৈ দুমাহ দিন ধৰি অসমৰ বিভিন্ন চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে কিন্তু সুস্থ কৰিব পৰা নাই কণমানি জনীক । যাৰ বাবে দুঃচিন্তাত ভুগিছে পৰিয়ালটো । কণমানিজনীক এক জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ । কিন্তু কৰ পৰা পাব , কেনেকৈ যোগাৰ কৰিব এই বৃহৎ পৰিমাণৰ ধন । কাৰণ দিন হাজিৰা কৰা পৰিয়ালটোৰ ইতিমধ্যেই ঘৰৰ মাটি ভেটি, পশুধন সকলো শেষ হ'ল কণমানি জনীৰ চিকিৎসাৰ নামত । কিন্তু সুস্থ হে কৰিব নোৱাৰিলে কণমানিজনীক। এতিয়া কণমানি জনীক বুকুত সাৱটি হাহাকাৰ কৰি ঘূৰি ফুৰিব লগা হৈছে ।