অসম

assam

By

Published : Jan 7, 2020, 11:09 PM IST

ETV Bharat / state

মৃণাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰকঃ আছু

2 জানুৱাৰীত হাবিয়াল গাঁৱত গুলীচালনা কৰা ঘটনাৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতেই আছুৰ প্ৰতিক্ৰিয়া । শীঘ্ৰে গ্ৰেপ্তাৰ কৰক খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক।

মৃণাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰকঃ আছু
আছু নেতা মনোৱাৰ হুছেইন

গোলাঘাট, 7 জানুৱাৰীঃযোৱা 2 জানুৱাৰীত হাবিয়াল গাঁৱত গুলীচালনা কৰা ঘটনাৰ এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছতেই আছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খুমটাইৰ বিধায়ক মৃনাল শইকীয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে ।

বিগত 2 জানুাৰীত হাবিয়াল গাঁৱৰ ঢকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰৰ সন্মুখত কা বিৰোধী আন্দোলনৰ উদ্যোক্তা বিনয় বৰুৱাৰ গাড়ীলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল ৷ সেই ঘটনাৰ তদন্তৰ অন্তত ৰোহিনী গগৈ নামৰ এজন ব্যৱসায়ীয়ে এই কাণ্ডৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহে ৷ মঙলবাৰে গোলাঘাট আৰক্ষীয়ে ৰোহিনী গগৈক গ্ৰেপ্তাৰ কৰি দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

আছু নেতা মনোৱাৰ হুছেইন

উল্লেখ্য যে, ৰোহিনী গগৈ খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ অতি ঘনিষ্ঠ ৷ এই ঘটনাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই আছু নেতা মনোৱাৰ হুছেইনে ৷ আছু নেতাগৰাকীয়ে বিধায়ক মৃনাল শইকীয়াৰ বিৰুদ্ধে অভিযোগ উঠাই এই ঘটনাৰ লগত মৃনাল শইকীয়া জড়িত থকা বুলি জনাই অতি শীঘ্ৰে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সম্পূৰ্ণ ঘটনা বিধায়ক গৰাকীৰ নিৰ্দেশ হোৱা বুলি অভিযোগ তুলি বিধায়ক মৃনাল শইকীয়াক গ্ৰেপ্তাৰ নকৰালৈকে আছুয়ে তীব্ৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details