গোৱালপাৰা, 24 এপ্ৰিল :গোৱালপাৰা চহৰৰ আৰোৰা একাডেমীত শোকাৱহ ঘটনা (Student suicide case in Goalpara)| শনিবাৰে বিয়লি 5 মান বজাত গোৱালপাৰা চহৰৰ ভালুক ডুবিস্থিত আৰোৰা একাডেমীৰ হোষ্টেলত এগৰাকী ছাত্ৰীক চিপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে হোষ্টেল কৰ্তৃপক্ষই (Student from Goalpara commits suicide)৷ মৃত ছাত্ৰী গৰাকী গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তাৰাংগাপুৰ গাঁৱৰ ৷
উল্লেখ্য যে, আৰোৰা একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ হোষ্টেলত থাকি উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী । ইফালে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দুপৰীয়াৰ ভাগত ছাত্ৰীগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ কথা ফোনযোগে অভিভাৱকক অৱগত কৰিছিল ৷ ইয়াৰ পিছতে হঠাৎ হোষ্টেল কতৃপক্ষই উক্ত ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ অভিভাৱকক জানিবলৈ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীক এনে অৱস্থাত প্ৰত্যক্ষ কৰাত শোকত ভাগি পৰে ৷