অসম

assam

By

Published : Sep 19, 2020, 5:01 AM IST

ETV Bharat / state

গোৱালপাৰক জেহাদীৰ উৎপাদন স্থলী আখ্যা সত্যৰঞ্জন বৰাৰ

গোৱালপাৰাত উপস্থিত বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা । গোৱালপাৰা জেহাদীৰ উৎপাদন স্থলী আখ্যা দিলে সত্যৰঞ্জন বৰাই ।

satya-ranjan-bora-passes-communal
satya-ranjan-bora-passes-communal

গোৱালপাৰা, 18 ছেপ্টেম্বৰ : গোৱালপাৰাত উপস্থিত হৈ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিস্ফোৰক মন্তব্য । শুকুৰবাৰে বিয়লি প্ৰায় পাঁচমান বজাত গোৱালপাৰাত উপস্থিত হয় সত্যৰঞ্জন বৰা । জয় শ্ৰী ৰাম ধ্বনিৰে চহৰখনত মিশ্ৰিত উখল মাখলৰ সৃষ্টি হয় । গোৱালপাৰা পৰা উভতি যোৱাৰ পথত শোলমাৰী কালীমন্দিৰত সেৱা জনায় সত্যৰঞ্জন বৰাই । একাংশ সাংবাদিকৰে হোৱা কথা-বতৰাত "গোৱালপাৰা জেহাদীৰ উৎপাদন স্থলী " বুলি এক বিতৰ্কত বিস্ফোৰক মন্তব্য আগবঢ়ায় সত্যৰঞ্জন বৰাই ।

গোৱালপাৰক জেহাদীৰ উৎপাদন স্থলী আখ্যা
কেৱল ইমানেই নহয় গোৱালপাৰাত ৰাভা,বড়ো, কছাৰী সম্প্ৰতি সংখ্যালঘু হোৱাৰ পথত বুলি উল্লেখ কৰে তেওঁ । কাৰণ গোৱালপাৰাত পি এফ আই এজেন্টৰ কৰোবাৰ চলে, ইয়াৰ পৰা জেহাদীও ধৰা পৰে বুলিও ভাষ্য প্ৰদান কৰে সত্যৰঞ্জন বৰাই ।
গোৱালপাৰক জেহাদীৰ উৎপাদন স্থলী আখ্যা সত্যৰঞ্জন বৰাৰ
গোৱালপাৰাত ৰাভা,বড়ো, কোচ আৰু জনজাতি সকলে হিন্দু সমাজত একত্ৰিত হৈছে গতিকে হিন্দু সমাজৰ হৈ আলোচনা চলি আছে আৰু পৰৱৰ্তী সময়ত মত পোষণ কৰিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । সত্যৰঞ্জনৰ বৰাৰ এনে সাম্প্ৰদায়িক মন্তব্যই জিলাবাসীৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰী ডালত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি শংকিত হৈ পৰিছে একাংশ সমাজ সচেতন লোকে ।

ABOUT THE AUTHOR

...view details