গোৱালপাৰা, 30 এপ্ৰিল : আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত পদক লাভেৰে পুনৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যুৱ খেলুৱৈ ইনামূল হ'কে ৷ উত্তৰ প্ৰদেশত অনুষ্ঠিত "2য় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯" শীৰ্ষক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কৃষ্ণাইৰ শাকোমুৰি নিবাসী ইনামূল হ'কে 49 কেজি শাখাত সোণৰ পদক লাভেৰে ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে ৷
আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ অসম সন্তানৰ - কৃষ্ণাই আৰক্ষী থানা
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতাত পদক লাভ অসম সন্তানৰ ৷ উত্তৰ প্ৰদেশত অনুষ্ঠিত "2য় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৯"ত সোণৰ পদক লাভে কৃষ্ণাইৰ শাকোমুৰিৰ ইনামূল হ'কৰ
কাৰাটে এচ’ছিয়েছন অব ইণ্ডিয়া (কাই)ৰ দ্বাৰা অনুমোদিত সংস্থা "অল ভাৰত চোটোকান কাৰাটে-ডু ফেডাৰেচ’ন"ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ তত্বাৱধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত 26 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত ইনামূল হ'কে লাভ কৰে সোণৰ পদক ৷
এই আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাখনিত বাংলাদেশ,নেপাল,শ্ৰীলংকা,আফগানিস্তান আৰু ম্যানমাৰৰ আৰু ভাৰতৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ইনামূল হ'ক কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত শাকোমুৰি গাঁৱৰ মহিবুল হ'ক আৰু ছপিজান বিবিৰ সন্তান ৷ ইনামূলৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে আনন্দিত ৰাজ্যবাসী ৷