ডিমা হাছাও 11 জুন: শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথ অনিৰ্দিষ্ট কালৰ কাৰণে অৱৰোধৰ ভাবুকি হাৰেংগাজাওৰ ৰাইজৰ। দহদিনৰ ভিতৰত হাৰেংগাজাওৰ পৰা জাতিংগালৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দাবী ৷
10 দিনৰ ভিতৰত মেৰামতি হ'ব লাগিব শিলচৰ-হাফলং ৰাষ্ট্ৰীয় পথ মেৰামতি - শিলচৰ
শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাৰ পৰা জাতিংগালৈ পথচোৱাৰ অৱস্থা শোচনীয় হৈ পৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । যাৰ বাবে হাৰেংগাজাও অঞ্চলৰ ৰাইজে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অনিৰ্দিষ্ট কালৰ কাৰণে অৱৰোধ কৰাৰ ভাবুকি দিছে। এই মৰ্মে মঙলবাৰে হাৰেংগাজাও অঞ্চলৰ ৰাইজে হাৰেংগাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।
শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাৰ পৰা জাতিংগালৈ যোৱা পথচোৱাৰ অৱস্থা শোচণীয় হৈ পৰাৰ পাচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ দহদিনৰ ভিতৰত হাৰেংগাজাওৰ পৰা জাতিংগালৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অৱৰোধৰ হুংকাৰ প্ৰদান কৰে ৷ মঙলবাৰে হাৰেংগাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে হাৰেংগাজাও অঞ্চলৰ ৰাইজে।
উল্লেখযোগ্য যে,হাৰেংগাজাও অঞ্চলৰ ৰাইজৰ কাৰণে হাফলং আৰু শিলচৰৰ মাজত যোগাযোগৰ একমাত্ৰ মাধ্যম হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথটো। ব্ৰডগজ থাকিলেও নিউহাৰেংগাজাও ষ্টেচনত কেৱল এখন যাত্ৰীবাহী ৰেলৰ ষ্টপেজ থকাৰ বাবে ৰেল সেৱাৰ পৰা বঞ্চিত হৈ আহিছে হাৰেংগাজাওৰ ৰাইজ। সেয়েহে দহদিনৰ ভিতৰত হাৰেংগাজাওৰ পৰা জাতিংগালৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ কাম আৰম্ভ নহ'লে হাৰেংগাজাওৰ সাধাৰণ ৰাইজে শিলচৰ-হাফলং 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথ অনিৰ্দিষ্ট কালৰ কাৰণে অৱৰোধ কৰিব বুলি জিলা উপায়ুক্তক দিয়া স্মাৰকপত্ৰত উল্লেখ কৰে ৷ ইয়াৰ কাৰণে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হ'লে চৰকাৰ নিজেই জগৰীয়া হ'ব বুলি জিলা উপায়ুক্তক দিয়া স্মাৰকপত্ৰত উল্লেখ কৰে স্থানীয় ৰাইজে ৷