অসম

assam

ETV Bharat / state

কৰ'ণাত আক্ৰান্তৰ সন্দেহত হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি এজন

হাফলং অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত এগৰাকী লোকক ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ ফলাফল নিগেটিভ আহে ৷ ইয়াৰোপৰি হাফলঙৰ নৱনিৰ্মিত শিক্ষা ভৱনত 40 খন বিচনাযুক্ত আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ডাঃ কল্পনা কেম্প্ৰাইয়ে ৷

হাফলং অসামৰিক চিকিৎসাল
হাফলং অসামৰিক চিকিৎসাল

By

Published : Mar 28, 2020, 6:24 PM IST

হাফলং, 28 মাৰ্চঃকৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত ৰে'লৱেত কৰ্মৰত এগৰাকী লোকক ভৰ্তি কৰোৱা হয় হাফলং অসামৰিক চিকিৎসালয়ত ৷ বিহাৰৰ পাটনাৰ বাসিন্দা লোকগৰাকী দীৰ্ঘদিন ধৰি প্ৰচণ্ড জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগি আছিল ৷ যাৰ বাবে তেওঁক হাফলং অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছিল ৷ পৰৱৰ্তী সময়ত লোকজনৰ তেজৰ নমুনা শিলচৰ মেডিকেল কলেজ চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তেওঁৰ ফলাফল নিগেটিভ আহিছে বুলি জানিবলৈ দিয়ে হাফলং অসামৰিক চিকিৎসালৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাইয়ে ৷

আনহাতে অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে যে, এতিয়ালৈকে ডিমা হাছাও জিলাত 2484 জন লোকক নিৰীক্ষণ কৰা হৈছে ৷ ডিমা হাছাও জিলাত সক্ৰিয় হৈ থকা 68টা নিৰীক্ষণকাৰী দলে বহিঃৰাজ্যৰ পৰা নিজৰ গৃহ জিলালৈ ঘূৰি অহা 327 গৰাকী ব্যক্তিৰ স্বাস্থ্য পৰীক্ষাৰ পিচত তেওঁলোকক 14 দিনৰ বাবে নিজ গৃহত আছুতীয়াকৈ থাকিবলৈ দিয়ে । ইয়াৰোপৰি হাফলঙৰ নৱনিৰ্মিত শিক্ষা ভৱনত 40 খন বিচনাযুক্ত আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে ডাঃ কল্পনা কেম্প্ৰাইয়ে ৷

লগতে পঢ়কঃডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

ABOUT THE AUTHOR

...view details