অসম

assam

ETV Bharat / state

New building of labour department: হাফলঙত শ্ৰম বিভাগৰ কাৰ্যালয় উদ্বোধন

মঙলবাৰে হাফলঙত শ্ৰম বিভাগৰ নতুন ভৱনৰ উদ্বোধন কৰে মন্ত্ৰী সঞ্জয় কিষাণে (Labour office in Haflong) ৷ শ্ৰম বিভাগৰ নতুন কাৰ্যালয়টোৰ জৰিয়তে ডিমা হাছাও জিলাৰ শ্ৰমিকসকলে চৰকাৰী সা-সুবিধা লাভ কৰাত সহায় হ’ব বুলি আশা কৰা হৈছে ৷

Labour office in Haflong
হাফলঙত শ্ৰম বিভাগৰ কাৰ্যালয় উদ্বোধন

By

Published : Feb 8, 2022, 9:07 PM IST

ডিমা হাছাও, 8 ফেব্ৰুৱাৰী: পৰ্যটনৰ ক্ষেত্ৰত অসমক নেতৃত্ব দিব পাৰিব ডিমা হাছাও জিলাই ৷ ডিমা হাছাওক এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰস্থল হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰখনে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৰাজ্যৰ শ্ৰম উন্নয়ন আৰু চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষাণ ৷

হাফলঙত শ্ৰম বিভাগৰ নতুন ভৱন(Labour office in Haflong)ৰ উদ্বোধন কৰি মন্ত্ৰী সঞ্জয় কিষানে কয় যে, ডিমা হাছাওত শ্ৰম বিভাগৰ এই নতুন ভৱন স্থাপন হোৱাৰ ফলত ডিমা হাছাও জিলাৰ শ্ৰমিকসকলে বিভিন্ন চৰকাৰী সা-সুবিধা লাভ কৰিব ৷ শ্ৰম বিভাগৰ বিভিন্ন প্ৰকল্পৰ জৰিয়তে শ্ৰমিকসকলে সাহায্য আৰু সহায় পাব বুলি মন্তব্য কৰে সঞ্জয় কিষাণে ।

হাফলঙত শ্ৰম বিভাগৰ কাৰ্যালয় উদ্বোধন

মন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ এচৰাম পৰ্টেলৰ জৰিয়তে নাম নথিভুক্ত কৰি প্ৰথমে 2 লাখ টকাৰ বীমা লাভ কৰিব শ্ৰমিকসকলে ৷ ইয়াৰোপৰি BOCW -ৰ অধীনত শ্ৰমিকসকলৰ পৰিয়ালৰ বাবে শিক্ষাৰ আঁচনি, বিয়াৰ বাবে আঁচনি, স্বাস্থ্য পৰিসেৱাৰ বাবে আঁচনি আৰু পৰিয়ালৰ কোনো ব্যক্তিৰ মৃত্যু হ’লে শ্ৰমিকপৰিয়ালসকলক বিত্তীয় সাহায্য প্ৰদানৰ আঁচনি হাতত লোৱা হৈছে বুলি সাংবাদিকৰ আগত মন্ত্যব কৰে মন্ত্ৰী সঞ্জয় কিষানে ।

মন্ত্ৰী সঞ্জয় কিষানে লগতে কয় যে, এই শ্ৰম বিভাগৰ নতুন কাৰ্যালয় স্থাপন হোৱাৰ ফলত ডিমা হাছাও জিলাৰ শ্ৰমিকসকল লাভৱান হ’ব ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল ৰাজ্যৰ শ্ৰম বিভাগৰ কমিছনাৰ অমিতাভ ৰাজখোৱা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা, বিধায়িকা নন্দিতা গাৰ্লচা, জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ডিমা হাছাও জিলাৰ সহকাৰী লেবাৰ কমিছনাৰ বৰ্ণালী চাংকাকতি ।

লগতে পঢ়ক:ৰাজ্যত ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ‍্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details